আন্তঃৰাষ্ট্ৰীয়

সঁচা নে মিছা এই খবৰ? ফুটবলৰ কিংবদন্তী পেলে আৰু নাই!

asomiyapratidin

ডিজিটেল ডেস্কঃ মুহূৰ্তৰ বাবে এই খবৰে হতবাক কৰি তুলিলে বিশ্ববাসীক। ছ'চিয়েল মিডিয়াত মুহূৰ্তৰ ভিতৰতে বিয়পি পৰিল এই খবৰ। আন্তঃৰাষ্ট্ৰীয় সংবাদমাধ্যমে প্ৰকাশ কৰিলে এই খবৰটো। কিন্তু পাছত গম পোৱা গ'ল এয়া এক উৰা বাতৰি।

সমগ্ৰ বিশ্বজুৰি খলকনি তুলিছিল এই খবৰে। কেৱল আন্তঃৰাষ্ট্ৰীয় সংবাদমাধ্যমে নহয়, ভাৰতৰ একাংশ সংবাদমাধ্যমতো বিয়পি পৰিছিল এই খবৰ। কিন্তু এই খবৰ অস্বীকাৰ কৰিলে পেলেয়ে। আনকি প্ৰতিষ্ঠিত কেইবাটাও সংবাদ প্ৰতিষ্ঠানে প্ৰথমে ছ'চিয়েল মিডিয়াত বিয়পি পৰা এই উৰা বাতৰিৰ পাছতেই পেলেৰ মৃত্যু সন্দৰ্ভত খবৰ প্ৰকাশ কৰিছিল।

'দ্য উইকলি অৱজাৰ্ভাৰ' নামৰ কাকতখনে ১৬ জুলাই, ২০১৯ত প্ৰকাশ কৰিছিল এক খবৰ। যি খবৰৰ হেডলাইন আছিল ' Pele Brazilian football legend dies at 78 in paris hospital'। উল্লেখযোগ্য যে, পেলেৰ মৃত্যু হোৱা বুলি চলা উৰা বাতৰি এয়েই প্ৰথম নহয়।

ইয়াৰ পূৰ্বে Latin Timesত ২০১৪তে পেলে মৃত্যু হোৱা খবৰ প্ৰকাশ পাইছিল। কিন্তু এই সকলো খবৰ মিছা। কুশলে আছে বিশ্ববাসীৰ মৰমৰ খেলুৱৈ পেলে। ফুটবলেৰে তেওঁ জিনিছিল বিশ্বৰ কোটি কোটি জনতাৰ হৃদয়।

তেওঁৰ ঘনিষ্ঠ মহলে সদৰী কৰা তথ্য মতে, সুস্থ আছে পেলে। আৰু এই ঘনিষ্ঠ লোকসকলে আহ্বান জনাইছে- ছ'চিয়েল মিডিয়াত বিয়পি পৰা ভুৱা খবৰত বিশ্বাস নকৰিব।