আন্তঃৰাষ্ট্ৰীয়

বিশ্বক প্ৰভাৱিত কৰি ৬৫ বছৰত গুছি গ’ল মাইক্ৰ’ছফ্টৰ প’ল এলেন

asomiyapratidin

ডিজেটেল ডেস্কঃ সোমবাৰে মৃত্যু হয় মাইক্ৰ'ছফ্টৰ সহ প্ৰতিষ্ঠাপক প'ল এলেনৰ৷ ১৯৫৩ চনত ৱাছিংটনৰ শ্বিটালত জন্মগ্ৰহণ কৰা প'ল এলেনে ৬৫ বছৰ বয়সত নিজা বাসগৃহত ইহলীলা সম্বৰণ কৰে৷

ইফালে, বিশ্বৰ ধনী ব্যক্তিৰ তালিকাৰ ৪৬ সংখ্যক স্থান দখল কৰি থকা প্ৰযুক্তিবিদগৰাকীৰ মৃত্যুৰ বাতৰিয়ে সমগ্ৰ বিশ্বজুৰি বিয়পি থকা তেওঁৰ হাজাৰ হাজাৰ অনুৰাগীক মৰ্মাহত কৰি তোলে৷ উল্লেখ্য যে, কৰ্কট ৰোগত আক্ৰান্ত হৈ দীৰ্ঘদিন ধৰি চিকিৎসাধীন হৈ আছিল মাইক্ৰ'ছফ্টৰ সহ প্ৰতিষ্ঠাপকগৰাকী৷

প'ল এলেনৰ মৃত্যুৰ বাতৰি লাভ কৰাৰ পিছতে বিশ্বৰ কেইবাগৰাকীও বৰেণ্য ব্যক্তিয়ে টুইটাৰ যোগে শোক প্ৰকাশ কৰে৷ উল্লেখ্য যে, ১৯৭৫ চনত এলেনৰ সৈতে লগ লাগি বিল গেটছে মাইক্ৰ'ছফ্ট কোম্পানীৰ জন্ম দিছিল৷ জীৱন্তকালত ক্ৰীড়া, সংগীত, বিজ্ঞান, প্ৰযুক্তি সকলো দিশতে প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল এলেনে৷