আন্তঃৰাষ্ট্ৰীয়

চৌদী আৰৱৰ ৰাজকুমাৰৰ বিমানেৰে নিউয়ৰ্কত উপস্থিত পাক প্ৰধানমন্ত্ৰী ইমৰান খান…

asomiyapratidin

ডিজিটেল ডেস্কঃ পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খান উপস্থিত নিউয়ৰ্কত। চৌদী আৰৱৰ ক্ৰাউন প্ৰিন্স মহম্মদ বিন ছলমানৰ বিশেষ বিমানত উৰা মাৰি নিউয়ৰ্কত উপস্থিত হয় পাক প্ৰধানমন্ত্ৰীগৰাকী। ইমৰান খানৰ এই যাত্ৰাৰ কেন্দ্ৰ বিন্দু হৈছে 'মিছন কাশ্মীৰ'।

ইমৰান খানে আমেৰিকালৈ ৰাওনা হোৱাৰ পূৰ্বে ক্ৰাউন প্ৰিন্সসহ বিষয়াসকলক লগ কৰাৰ উদ্দেশ্যে ৰিয়াদত আছিল। তাৰপাছত পাক প্ৰধানমন্ত্ৰীগৰাকীক বাণিজ্যিক বিমানেৰে আমেৰিকালৈ যোৱাত বাধা দিয়ে চৌদী আৰৱৰ প্ৰিন্সগৰাকীয়ে।

তেওঁ পাক প্রধানমন্ত্ৰীগৰাকীক কয়- 'আপুনি আমাৰ বিশেষ অতিথি। আৰু আমেৰিকালৈ আপুনি আমাৰ বিশেষ বিমানেৰে যাব।' উল্লেখ্য যে, কাশ্মীৰ সন্দৰ্ভত সমগ্ৰ বিশ্বৰ সহযোগ লাভৰ বাবে পাকিস্তানে আৰম্ভ কৰিছে 'মিছন কাশ্মীৰ' ।