আন্তঃৰাষ্ট্ৰীয়

শাসনত অধিস্থিত একাংশ লোকেই ধ্বংস কৰিলে পাকিস্তানঃ পাক গৃহমন্ত্ৰী ইজাজ আহমেদ শ্বাহ

asomiyapratidin

ডিজিটেল ডেস্কঃ পাক প্রধানমন্ত্ৰী ইমৰান খান চৰকাৰৰ গৃহমন্ত্ৰী ইজাজ আহমেদ শ্বাহে স্বীকাৰ কৰে যে কাশ্মীৰ সন্দৰ্ভত পাকিস্তানে সমগ্ৰ বিশ্বৰ পৰা সমৰ্থন লাভ কৰাত ব্যৰ্থ হৈছে। পাক গৃহমন্ত্ৰীগৰাকীয়ে কয়- ইছলামাবাদৰ প্ৰয়াসৰ পাছতো বিশ্বই ভাৰতৰ কথাতেই বিশ্বাস কৰিছে। পাক গৃহমন্ত্ৰী শ্বাহে সংবাদমাধ্যমৰ আগত আৰু কয়- 'পাকিস্তানত শাসনত অধিস্থিত একাংশ লোকে দেশখন ধ্বংস কৰি দিলে।'

কাশ্মীৰ সন্দৰ্ভত সাংবাদিকে কৰা এক প্ৰশ্নত তেওঁ কয়- 'আমি কৈছো যে,ভৰাতে কাশ্মীৰত কাৰ্ফিউ লগালে, তাত ঔষধ যোগান ধৰা হোৱা নাই। কিন্তু বিশ্ববাসীয়েআমাৰ এই কথাত বিশ্বাস নকৰে। তাৰ বিপৰীতে ভাৰতৰ ওপৰতহে বিশ্বাস কৰিছে।'

উল্লেখ্য যে, পাক প্ৰধানমন্ত্ৰী ইমৰান খানে দাবী কৰিছিল যে কাশ্মীৰসন্দৰ্ভত ৫৮খন দেশে পাকিস্তানক সমৰ্থন জনাইছে। ইমৰান খানৰ এই দাবীৰ পাছতেই দেশখনৰগৃহমন্ত্ৰীগৰাকীয়ে এনেদৰে মন্তব্য কৰে।