আন্তঃৰাষ্ট্ৰীয়

এইবাৰ ভাৰতত ছাৰ্জিকেল ষ্ট্ৰাইক চলোৱাৰ হুংকাৰ দাম্ভিক পাকিস্তানৰ

asomiyapratidin

ডিজিটেল ডেস্কঃ ইমাৰান খানে প্ৰধানমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰা পিছতো অব্যাহত আছে পাকিস্তানৰ দুমুখীয়া স্থিতি। এফালে যদি দেশখনৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতৰ সৈতে মিত্ৰতা স্থাপনৰ বাবে আগ্ৰহ প্ৰকাশ কৰি মন্তব্য কৰিছে, আনফালে তেওঁৰ দেশৰে সেনা প্ৰধানে ভাৰতত ছাৰ্জিকেল ষ্ট্ৰাইক সংঘটিত কৰি দুয়ো দেশৰ মাজৰ শত্ৰুতা বৃদ্ধি কৰাৰ পৰিকল্পনা কৰিছে।

পাক সেনাৰ ইন্টাৰ চাৰ্ভিছেচৰ জনসম্পৰ্ক বিভাগৰ মুখপাত্ৰ মেজৰ জেনেৰেল আছিফ গফুৰে লণ্ডনত এক অনুষ্ঠানত অংশ লোৱাৰ পিছত সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি কয় যে যদি ভাৰতে পাকিস্তানত এটা চাৰ্জিকেল ষ্ট্ৰাইক কৰে, তেন্তে তাৰ প্ৰত্যুত্তৰ দি পাক সেনাই ভাৰতত ১০ টা ছাৰ্জিকেল ষ্ট্ৰাইক কৰিব।

আনহাতে পাকিস্তানৰ এক ৰেডিঅ' চেনেলত পাক চোৰাংচোৱা বিভাগৰ এগৰাকী জ্যেষ্ঠ বিষয়াই কয় যে ভাৰতৰ সৈতে পাকিস্তানৰ শত্ৰুতা কেতিয়াও শেষ নহয়। পাক সেনা ভাৰতৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ সদায় প্ৰস্তুত হৈ থাকে। তেওঁ পাকিস্তানৰ প্ৰশাসনিক ক্ষমতাক লৈ সন্দেহ নকৰিবলৈও সকীয়াই দিয়ে ভাৰতক।

'পাকিস্তানত এতিয়া বেয়াতকৈ ভালৰ সংখ্যা বৃদ্ধি পাইছে। অৰ্থনৈতিক আৰু প্ৰশাসনিক দিশত পাকিস্তানৰ বহু উন্নয়ন ঘটিছে। নিশ্চিত ভাৱে পাকিস্তান ভাৰততকৈ বহু গুণেই শ্ৰেষ্ঠ।'- এই মন্তব্য কৰে পাক চোৰাংচোৱা বিভাগৰ বিষয়াগৰাকীয়ে।