আন্তঃৰাষ্ট্ৰীয়

পাকিস্তানত বায়ু প্ৰদূষণঃ দুদিনৰ বাবে বন্ধ শিক্ষানুষ্ঠান…

asomiyapratidin

ডিজিটেল ডেস্কঃপাকিস্তানৰ লাহোৰৰ কাষৰীয়া জিলাসমূহতবায়ুৰ গুণমান ভয়ংকৰ হাৰত হ্ৰাস পাইছে। বায়ু প্ৰদূষণৰ প্ৰতি লক্ষ্য ৰাখিয়েই এইজিলাসমূহৰ সকলো চৰকাৰী আৰু ব্যক্তিগত শিক্ষানুষ্ঠানসমূহ বন্ধ ৰখাৰ কথা ঘোষণা কৰেপ্ৰশাসনে।

পঞ্জাৱ স্কুল এজুকেশ্যন ডিপাৰ্টমেন্টদ্বাৰা জাৰিকৰা এক অধিসূচনাত সদৰী কৰা অনুসৰি, বায়ু প্ৰদূষণৰ প্ৰতি নজৰ ৰাখিলাহোৰ, ফেছলাবাদ তথা গুজৰাৱালা জিলাত ১৫ আৰু ১৬ নবেম্বৰত বন্ধ ৰখা হ'ব বিদ্যালয়,মহাবিদ্যালয়সমূহ।

লাহোৰ ডিভিজনৰ এগৰাকী আৰক্ষী উচ্চপদস্থবিষয়াই সদৰী কৰা অনুসৰি, চৰকাৰ তথা প্রশাসনেএই সন্দৰ্ভত আলোচনা কৰিছে। আৰু এই বায়ুপ্ৰদূষণ হ্ৰাস কৰাৰ বাবে কৃত্ৰিম বৰষুণ তথা আন উপায় সন্দৰ্ভতো আলোচনা অব্যাহতৰাখিছে।