আন্তঃৰাষ্ট্ৰীয়

পাকিস্তানৰ পথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত ক্ষোভিত ৰাইজৰ…

asomiyapratidin

ডিজিটেল ডেস্কঃপাকিস্তানৰ খেবৰ পখটুনখৱা প্ৰান্তত পথ অৱৰোধ কৰিছে ক্ষোভিত নাগৰিকে। ঈদউদযাপনৰ বাবে এই অঞ্চলটোত বিদ্যুৎ কৰ্তন কৰাৰ বাবে পথলৈ ওলাই আহে প্ৰতিবাদকাৰীৰাইজ। আৰু ফলত পথসমূহত সৃষ্টি হয় ভীষণ যান-জঁটৰ। প্ৰতিবাদকাৰীসকলে পথত টায়াৰজ্বলাই সাব্যস্ত কৰে প্ৰতিবাদ।

দ্য এক্সপ্ৰেছ ট্ৰিবিউন অনুসৰি, প্ৰতিবাদকাৰীয়ে সমগ্ৰ পখটুনখৱাপ্ৰান্তত সাব্যস্ত কৰে এই প্ৰতিবাদ। ইফালে, স্বাৰী জিলাত বৃহৎ সংখ্যক ক্ষোভিতনাগৰিকে সাব্যস্ত কৰিছে প্ৰতিবাদ। প্ৰতিবাদকাৰীসকলে জিলাখনেৰে পাৰ হোৱা মুল পথটোপ্ৰায় ৩ ঘণ্টাৰ বাবে অৱৰোধ কৰে।

আনহাতে, পখটুনখৱা প্ৰান্তৰ ছাৰসাদা জিলাো বিদ্যুৎ কৰ্তন কৰাৰ ফলত পথঅৱৰোধ কৰে স্থানীয় নাগৰিকসকলে। জানিব পৰা মতে, তুৰংগজাঅ' ৰোড, শ্বেৰপাঅ'-উমৰজইৰোড, হৰিচন্দকে ধৰি বিভিন্ন স্থানত সাব্যস্ত কৰে প্ৰতিবাদ। প্ৰতিবাদকাৰীসকলেঅভিযোগ উত্থাপন কৰে যে, ঘৰত বিজুলী বেছিভাগ সময় নাথাকে। আৰু থাকিলেও ভল্টেজএকেবাৰে কম। গতিকে আমাৰ সমস্যাৰ সমাধান লাগে।