আন্তঃৰাষ্ট্ৰীয়

ভাৰতে পাৰমাণৱিক অস্ত্ৰ ত্যাগ কৰিলে আমিও কৰিমঃ পাক প্ৰধানমন্ত্ৰী ইমৰান খান…

asomiyapratidin

ডিজিটেল ডেস্কঃ তিনিদিনীয়া ভ্ৰমণসূচীৰে আমেৰিকাত উপস্থিত পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খান। আমেৰিকাৰ সংবাদমাধ্যমৰ আগত পাক প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে, ভাৰত আৰু পাকিস্তানৰ মাজত পাৰমাণৱিক যুদ্ধৰ কথা ভবা বা আলোচনা কৰাটোৱেই আত্মঘাটী। যদি ভাৰতে পাৰমাণৱিক অস্ত্ৰ ত্যাগ কৰে তেন্তে আমিও একেই কৰিম। আমেৰিকাৰ সংবাদমাধ্যম 'ফক্স নিউজ'ৰ সৈতে হোৱা সাক্ষাৎকাৰত এই মন্তব্য কৰে ইমৰান খানে।

ইফালে, পাকিস্তানৰসাংবাদমাধ্যম অনুসৰি, পাক প্ৰধানমন্ত্ৰী ইমৰান খানক প্ৰশ্ন কৰা হয় যে- যদি ভাৰতেনিজৰ পাৰমাণৱিক অস্ত্ৰ ত্যাগ কৰে তেন্তে পাকিস্তানেও তেনে কৰিবনে? এই প্ৰশ্নৰউত্তৰ প্ৰধানমন্ত্ৰী খানে কয়- 'হয়, পাৰমাণৱিক যুদ্ধ কোনো বিকল্প নহয়। ভাৰত আৰুপাকিস্তানৰ মাজত পাৰমাণৱিক যুদ্ধৰ কথা ভবা বা আলোচনা কৰাটোৱেই আত্মঘাটী। দুয়োখনৰদেশৰ সীমা প্ৰায় ২.৫ হাজাৰ মিল দীঘল।'

লগতে পাকপ্ৰধানমন্ত্ৰীগৰাকীয়ে কয়- 'যোৱা ৭০ বছৰে ভাৰত আৰু পাকিস্তানৰ মাজত সম্পৰ্ক ভালনোহোৱাৰ একমাত্ৰ কাৰণ হৈছে কাশ্মীৰ। সেয়েহে আমি শক্তিশালী দেশ যুক্তৰাষ্ট্ৰআমেৰিকাক এই বিষয়ত মধ্যস্থতাকাৰী ৰূপে বিচাৰিছো।' আনহাতে, সোমবাৰে আমেৰিকাৰৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে জনায় যে, কাশ্মীৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰমোডীয়ে আমেৰিকাক মধ্যস্থতাকাৰী ৰূপে সহায় কৰিবলৈ আহ্বান জনাইছে। আৰু তাৰপাছতেইভাৰত চৰকাৰে স্পষ্ট কৰি দিয়ে যে- প্ৰধানমন্ত্ৰী মোডীয়ে তেনে ধৰণৰ কোনো সহায় বিচৰানাই।