আন্তঃৰাষ্ট্ৰীয়

অৰ্থনৈতিক দুৰৱস্থাঃ প্ৰধানমন্ত্ৰীৰ আৱাসগৃহ ভাড়ালৈ দিব পাকিস্তানে

asomiyapratidin

ডিজিটেল ডেস্কঃ অৰ্থনৈতিক বিপৰ্যয়ে জুৰুলা কৰিছে পাকিস্তানক। যাৰ বাবে দেশখনৰ প্ৰধানমন্ত্ৰীৰ আৱাসগৃহও ভাড়ালৈ দিবলৈ উলাইছে ৰাষ্ট্ৰখনে। পাকিস্তানৰ লগতে বিভিন্ন আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত বিষয়টোৱে চৰ্চা লাভ কৰিছে।

ইমৰান খান প্ৰধানমন্ত্ৰী হিচাপে শপত লোৱাৰ পূৰ্বে ২০১৮ চনত পোন প্ৰথমবাৰ ঘোষণা কৰিছিল প্ৰধানমন্ত্ৰীৰ আৱাসগৃহত এক শৈক্ষিক প্ৰতিষ্ঠান গঢ়ি তুলিব। কিন্তু ইমৰানখান চৰকাৰৰ সেই সিদ্ধান্তক সলনি কৰা হৈছে। ২০১৯ চনত সেই আৱাসগৃহ বিবাহগৃহ হিচাপে ব্যৱহাৰ কৰিবলৈ ভাড়ালৈ প্ৰদান কৰা হৈছিল। যাৰ বাবে নিজ ৰাষ্ট্ৰৰ সংবাদ মাধ্যমত ইমৰান খান চৰকাৰ সমালোচনাৰ সন্মুখীন হোৱাৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত হাঁহিয়াতৰ পাত্ৰ হৈছিল।

শেহতীয়াকৈ প্ৰকাশিত খবৰ অনুসৰি ইমৰান খানৰ চৰকাৰৰ কেবিনেট বৈঠকত পুনৰ প্ৰধানমন্ত্ৰীৰ আৱাসগৃহ ভাড়ালৈ প্ৰদান কৰি ৰাজহ সংগ্ৰহৰ বাবে চেষ্টা চলাব। প্ৰকাশিত খবৰ অনুসৰি আৱাসগৃহটোৰে প্ৰেক্ষাগৃহ, দুটা অতিথি শাখা আৰু এটা লন ভাড়াত দি ৰাজহ সংগ্ৰহ কৰা হ'ব।আৱাসগৃহটোত কূটনৈতিক কাৰ্যকলাপ, আন্তঃৰাষ্ট্ৰীয় আলোচনা চক্ৰ আদিৰ আয়োজন কৰিব পাৰিব। ইয়াৰ জৰিয়তে ৰাজহ সংগ্ৰহ কৰি উন্নয়নমূলক কামত ব্যৱহাৰ কৰিব।