আন্তঃৰাষ্ট্ৰীয়

বাতৰি চেনেলৰ পোনপটীয়া অনুষ্ঠানৰ মাজতেই সাংবাদিকক চৰ শাসকীয় দলৰ নেতাৰ, VIDEO

asomiyapratidin

ডিজিটেল ডেস্কঃ বাতৰি চেনেলৰ ষ্টুডিঅ' হৈ পৰিল যুদ্ধক্ষেত্ৰ। পাকিস্তানৰ এজন নেতাই এটা টিভি চেনেলৰ পোনপটীয়া অনুষ্ঠান চলি থকাৰ মাজতে কাষতে থকা সহ-আলোচকগৰাকীৰ সৈতে প্ৰথমে তৰ্কাতৰ্কিত লিপ্ত হৈছিল। মাছুৰ আলী ছিয়াল নামৰ পাকিস্তানৰ শাসকীয় দলটোৰ নেতাগৰাকীৰ সৈতে কাষত বহি থকা কৰাছী প্ৰেছ ক্লাৱৰ সভাপতি ইমতাজ খানৰ এই সংঘাতে পালে চূড়ান্ত ৰূপ।

ভিডিঅ'টোত বন্দী হোৱা দৃশ্য অনুসৰি শাসকীয় দলৰ নেতাগৰাকীয়ে প্ৰথমে ঠেলা মাৰি সাংবাদিকগৰাকীক মজিয়াত পেলাই দিয়ে। তাৰপাছত তেওঁৰ গালত সোধাই চৰ। পাকিস্তানৰ এটা টিভি চেনেলত সংঘটিত এই কাণ্ডই ব্যাপক চৰ্চা লাভ কৰিছে।

https://youtu.be/IO8wO_r6z4U

পৰৱৰ্তী সময়ত অৱশ্যে পুনৰ দুয়ো আলোচনাত অংশ লয়। এগৰাকী শাসকীয় দলৰ নেতাই টেলিভিছনৰ পোনপটীয়া অনুষ্ঠান সম্প্ৰচাৰ হৈ থাকোতেই এজন সাংবাদিকক এনেদৰে আক্ৰমণ কৰা ঘটনাই পাকিস্তানতো ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

পাকিস্তানৰ একাংশ নাগৰিকে প্ৰশ্ন কৰিছে- এয়াই নেকি শাসকীয় দলটোৰ নেতাসকলৰ নতুন পাকিস্তানৰ প্ৰতিশ্ৰুতিৰ নমুনা? পাকিস্তানৰ তেহৰিক-ই-ইনছাফৰ শীৰ্ষ নেতৃত্বয়ো এই ঘটনাৰ বাবে দুখ ব্যক্ত কৰিছে। দলটোৰ মতে, তেওঁলোকৰ এজন নেতাই কৰা এই কৰ্মৰ বাবে তেওঁলোক অন্তপ্ত।