আন্তঃৰাষ্ট্ৰীয়

ধৰ্মান্তৰিত হিন্দু কিশোৰীৰ বলপূৰ্বক নিকাহক অবৈধ ঘোষণা পাকিস্তান আদালতৰ…

asomiyapratidin

ডিজিটেল ডেস্কঃ পাকিস্তানত বলপূৰ্বকভাৱে এগৰাকী হিন্দু কিশোৰীক ইছলাম ধৰ্ম গ্ৰহণ কৰোৱাই নিকাহ কৰা ঘটনাক অবৈধ ঘোষণা কৰিছে পাকিস্তানৰ এখন আদালতে। পাকিস্তানৰ সিন্ধৰ অতিৰিক্ত সত্ৰ ন্যায়াধীশ গুলাম আলী কনাছৰোৱে বুধবাৰে এই গোচৰ সন্দৰ্ভত শুনানি গ্ৰহণ কৰি ধৰ্মান্তৰণ কৰা নৱম শ্ৰেণীৰ ছাত্ৰীগৰাকী নাবালিকা বুলি নিশ্চিত কৰে।

প্ৰণিধানযোগ্য যে, সিন্ধৰ নৱম শ্ৰেণীৰ ছাত্ৰী মহক কুমাৰীক আলী ৰাজা চোলংগী নামৰ এজন লোকে জেকোকাবাদ জিলাৰ পৰা অপহৰণ কৰি বলপূৰ্বকভাৱে ধৰ্মান্তৰণ কৰোৱাই নিকাহ কৰিছিল। আনহাতে কিশোৰীগৰাকীৰ হিন্দু নাম সলনি কৰি আলিজা ৰাখিছিল অভিযুক্ত আৰু পৰিয়ালে। এই ঘটনাৰ পিছতে কিশোৰীগৰাকীৰ পিতৃয়ে কন্যাৰ অপহৰণ সন্দৰ্ভত আৰক্ষী থানাত অভিযোগ দাখিল কৰে। পিতৃৰ অভিযোগ অনুসৰি অপহৰণৰ সময়ত তেওঁৰ কন্যাৰ বয়স আছিল মাত্ৰ ১৫ বছৰ।

ইফালে বুধবাৰে সত্ৰ ন্যায়াধীশে গোচৰ সন্দৰ্ভত গ্ৰহণ কৰা শুনানিকালত অভিযুক্ত চোলাংগীয়ে আদালতত যুক্তি দৰ্শাই কয় যে মহক কুমাৰী দৰাচলতে কিশোৰী নহয়, যুৱতীহে। আৰু ৰাজহুৱা স্থানত মহকে নিজ ইচ্ছা অনুসৰি ধৰ্মান্তৰ হোৱাৰ পিছতহে তেওঁৰ নাম আলিজা ৰখা হৈছে। আনহাতে নিকাহৰ বাবে নিজেই মহক ওৰফে আলিজাই সন্মতি প্ৰদান কৰা বুলিও আদালতত দাবী কৰে চোলাংগীয়ে।

কিন্তু আদালতত দাখিল কৰা তথ্য আৰু দলিল পৰীক্ষা কৰাৰ অন্তত আদালতে নিশ্চিত হয় যে মহক কুমাৰী এতিয়াও নাবালিকা। কিশোৰীগৰাকীৰ ধৰ্মান্তৰকৰণ আৰু নিকাহ সম্পূৰ্ণ অনৈতিক বুলি আখ্যা দি আদালতে সিন্ধ বাল্য বিবাহ প্ৰতিৰোধ অধিনিয়মৰ ধাৰা ৩ আৰু ৪ৰ অধীনত তদন্ত কৰিবলৈ নিৰ্দেশ দিয়ে।