আন্তঃৰাষ্ট্ৰীয়

পাকিস্তানী সেনাক আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদৰ অভিকেন্দ্ৰ আখ্যা দি কোনে আঁৰিলে পোষ্টাৰ…

asomiyapratidin

ডিজিটেল ডেস্কঃ পাকিস্তানৰ একাংশ সংখ্যালঘু প্ৰতিবাদকাৰীয়ে সন্ত্ৰাসবাদক লৈ পাকিস্তানৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাবে ৰাষ্ট্ৰসংঘৰ ওচৰত দাবী জনাইছে। এই লৈ ছুইজাৰলেণ্ডৰ জেনেভাত আয়োজিত সংযুক্ত ৰাষ্ট্ৰ মানৱাধিকাৰ পৰিষদৰ ৪৩ সংখ্যক অধিৱেশনৰ ব্ৰোকন চেয়াৰ স্মাৰকৰ সমীপত এখন পোষ্টাৰো আঁৰিছে প্ৰতিবাদকাৰীয়ে। এই পোষ্টাৰত পাকিস্তানী সেনাক আন্তৰাষ্ট্ৰীয় সন্ত্ৰাসবাদৰ অভিকেন্দ্ৰ আখ্যা দিয়া হৈছে।

পাকিস্তান সেনাক গৰিহনা দি অঁৰা এই পোষ্টাৰেৰে সংখ্যালঘু প্ৰতিবাদকাৰীয়ে অভিযোগ উত্থাপন কৰিছে যে পাকিস্তানী সেনাই আন্তৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী সংস্থাসমূহক অবৈধভাৱে সহায় কৰি আহিছে। সন্ত্ৰাসবাদী সংগঠনসমূহক বৃহৎ পৰিমাণৰ ধন প্ৰদান কৰাটোও পাকিস্তানৰ অৰ্থব্যৱস্থাৰ অৱনতি ঘটাৰ অন্যতম কাৰণ বুলিও দাবী কৰে প্ৰতিবাদকাৰীসকলে।