আন্তঃৰাষ্ট্ৰীয়

সাজু হোৱা সময় নেকি ভাৰতৰ! ১২১ টা অত্যাধুনিক বৰটোপ ক্ৰয় পাকিস্তানৰ…

asomiyapratidin

ডিজিটেল ডেস্কঃ বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু গোলা-বাৰুদ অন্য ৰাষ্ট্ৰৰ পৰা ক্ৰয় কৰিবলৈ সাজু হৈছে পাকিস্তানৰ সেনা। কাশ্মীৰৰ এল অ' চিৰ সমীপতে ভাৰতীয় সেনাই চলোৱা অভিযানত চিন্তিত হৈ ইটালীৰ পৰা প্ৰায় ১ লাখ টেংকৰ টোপ ক্ৰয়ৰ বাবে চুক্তিবদ্ধ হৈছে। চোৰাংচোৱাৰ তথ্য অনুসৰি, অতি শীঘ্ৰেই ইটালীয়ে এই বৃহৎ পৰিমানৰ টোপ পাকিস্তানক দিব।

আমেৰিকাৰ পৰা ভাৰতে ক্ৰয় কৰা এম ৭৭৭ক যোগ্য প্ৰত্যুত্তৰ দিবলৈ ইটালীৰ পৰা পাকিস্তানে ১২১ টা নতুন হোৱিতঞ্জৰ বৰটোপ ক্ৰয় কৰিছে আৰু ইয়াৰে আধাতকৈও বেছি টোপ ইতিমধ্যে পাকিস্তানলৈ পঠিওৱা হৈছে। কিন্তু প্ৰশ্ন হয় ইমান বৃহৎ সংখ্যাৰ অস্ত্ৰ-শস্ত্ৰ চুবুৰীয়া ৰাষ্ট্ৰখনে কিয় ক্ৰয় কৰিছে তাৰ উত্তৰ জানিবলৈ চেষ্টা চলাই আছে চোৰাংচোৱাই।

কেন্দ্ৰীয় সুৰক্ষাৰ দায়িত্বভাৰ গ্ৰহণ কৰা এগৰাকী বিষয়া জনায়- চোৰাংচোৱাই জানিবলৈ প্ৰয়াস কৰি আছে যে, পাকিস্তানে ইটালীৰ পৰা ক্ৰয় কৰা এই সমূহ টোপ কিয় ক্ৰয় কৰিছে আৰু ক'ত ক'ত ইয়াৰ ব্যৱহাৰ কৰাৰ পৰিকল্পনা কৰিছে। ভাৰতে আমেৰিকাৰ পৰা এম ১৭৭ ক্ৰয় কৰাৰ পাছতেই পাকিস্তানে এই পদক্ষেপ গ্ৰহণ কৰে। ভাৰতৰ লেহেমীয়া গতিৰ বিপৰীতে পাকিস্তানে তীব্ৰগতিত নিজ সেনা বাহিনীক ন ন অত্যাধুনিক অস্ত্ৰ-বাহনেৰে শক্তিশালী কৰাৰ প্ৰয়াস চলাইছে।

আন এগৰাকী বিষয়াই জনোৱা অনুসৰি, পাকিস্তানৰ চীনৰ পৰা ক্ৰয় কৰা হোবিতঞ্জৰ বৰটোপৰ ওপৰত ভৰসা কৰা নাই অথবা ইটালীয়ে এই টোপসমূহ চীনৰ তুলনাত কম মূল্যত পাকিস্তানক বিক্ৰী কৰিছে। হয়তো সেয়েহে পাকিস্তানে চীনৰ বিপৰীতে ইটালীৰ পৰা এই বৰটোপসমূহ ক্ৰয় কৰিছে বুলি তেওঁ সন্দেহ প্ৰকাশ কৰে তেওঁ।