ভয়ংকৰ বোমা বিস্ফোৰণত ১৫ জনকৈ লোক নিহতঃ আহতৰ সংখ্যা ৫০ ৰো অধিক...
ভয়ংকৰ বোমা বিস্ফোৰণত ১৫ জনকৈ লোক নিহতঃ আহতৰ সংখ্যা ৫০ ৰো অধিক... 
আন্তঃৰাষ্ট্ৰীয়

ভয়ংকৰ বোমা বিস্ফোৰণত ১৫ জনকৈ লোক নিহতঃ আহতৰ সংখ্যা ৫০ ৰো অধিক...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ পাকিস্তানৰ এটা মছজিদৰ কাষত সংঘটিত হোৱা বোমা বিস্ফোৰণত ১৫ জনকৈ লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ৫০ ৰো অধিক লোক আহত হৈছে। এই ঘটনা দেশখনৰ বেলুচিস্তান প্ৰান্তত সংঘটিত হৈছে।

পাকিস্তানৰ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি বোমা বিস্ফোৰণৰ সময়ত মছজিদটোৰ বাহিৰত বহু লোক সমবেত হৈ আছিল। স্থানীয় এগৰাকী আৰক্ষী বিষয়াৰ ভাষ্য অনুসৰি এয়া এক আত্মঘাটী আক্ৰমণ।

এই পৰ্যন্ত কোনোৱেই এই বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰা নাই। আনহাতে তেহৰিক এ তালিবানে এই বিস্ফোৰণ তেওঁলোকে সংঘটিত কৰা নাই বুলি স্পষ্টিকৰণ জাৰি কৰিছে।

উল্লেখ্য যে, তলিত ছেপ্টেম্বৰত পাকিস্তানত এয়া দ্বিতীয়টো বৃহত বিস্ফোৰণ। আজিৰ বিস্ফোৰণৰ পাছতে আহতসকলক স্থানীয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে।