আন্তঃৰাষ্ট্ৰীয়

হাস্যকৰ! সন্মুখ সমৰত নোৱাৰি ভাৰতৰ বিৰুদ্ধে এইবাৰ পাকিস্তানে এইবোৰ কৰিছে কি…

asomiyapratidin

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে সমগ্ৰ ভাৰত জুৰি ৭৩ সংখ্যক স্বাধীনতা দিৱস উদযাপন হৈ থকা সময়তে জম্মু-কাশ্মীৰক লৈ কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ বিৰোধিতাৰে পাকিস্তানে বৃহস্পতিবাৰে ক'লা দিৱস পালন কৰে। সমগ্ৰ পাকিস্তানজুৰি পালন কৰা এই ক'লা দিৱসৰ অংশ স্বৰূপে বৃহস্পতিবাৰে প্ৰকাশিত পাকিস্তানৰ সকলো বাতৰি কাকতত ক'লা ৰঙৰ পৰিসীমা ব্যৱহাৰ কৰা হয়।

আনহাতে পাকিস্তানৰ সংবাদ মাধ্যমসমূহেও বৃহস্পতিবাৰে চেনেলৰ ল'গ'ত ক'লা ৰঙা ব্যৱহাৰ কৰি ভাৰতৰ বিৰুদ্ধে ক'লা দিৱস পালনত সহযোগ আগবঢ়ায়। প্ৰধানমন্ত্ৰী ইমৰান খানৰ লগতে পাকিস্তানৰ কেন্দ্ৰীয় আৰু ৰাজ্যিক মন্ত্ৰীসকলে নিজৰ নিজৰ ছ'চিয়েল মিডিয়াৰ প্ৰফাইল ফটো ক'লা কৰা দেখা যায়।

উল্লেখ্য যে, জম্মু-কাশ্মীৰৰ পৰা সংবিধানৰ ধাৰা ৩৭০ বিলুপ্তি ঘটোৱা আৰু ৰাজ্যখনত দুটা ভাগত বিভক্ত কৰি কেন্দ্ৰীয় শাসিতৰ মৰ্যাদা প্ৰদান কৰাৰ বাবে ভাৰত চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ পিছতে ভাৰতৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শন আৰম্ভ কৰে পাকিস্তানে। পাকিস্তানে ভাৰতৰ সৈতে কূটনৈতিক, বানিজ্যিক সম্পৰ্কৰ অৱসান ঘটাই ৱাঘা সিমান্ত হৈ দুয়োখন দেশৰ মাজত চলা সমঝোতা এক্সপ্ৰেছ আৰু দিল্লীৰ পৰা চলা বাছসেৱাও বাতিল কৰে নিজৰ অসন্তুষ্টি জাহিৰ কৰে।

অন্যহাতে ১৪ আগষ্ট অৰ্থাৎ পাকিস্তানৰ স্বাধীনতা দিৱসৰ দিনটো কাশ্মীৰবাসীৰ নামত উৎসৰ্গা কৰা বুলি ঘোষণা কৰিছিল পাক প্ৰধানমন্ত্ৰী ইমৰান খানে। ইফালে ভাৰতৰ স্বাধীনতা দিৱসৰ দিনটোত ৰাষ্ট্ৰখনত ক'লা দিৱস পালন কৰি পাকিস্তানে আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ৰ দৃষ্টি আকৰ্ষণৰ চেষ্টা চলায়।