আন্তঃৰাষ্ট্ৰীয়

নিয়মীয়া অনুশীলনৰ সময়ত পাক বায়ুসেনাৰ বিমান দূৰ্ঘটনাগ্ৰস্ত…

asomiyapratidin

ডিজিটেল ডেস্ক : পাক বায়ু সেনাৰ এখন বিমান পিণ্ডিগাহেবৰ সমীপত দূৰ্ঘটনাত পতিত হয় । মঙলবাৰে এক বিবৃতি যোগে এই কথা জনাই পাক বায়ু সেনাই । বিবৃতিত প্ৰকাশ কৰা অনুসৰি এই দূৰ্ঘটনাটো নিয়মীয়া অনুশীলন কৰি থকা অবস্থাত সংঘটিত হোৱাৰ লগতে এই দূৰ্ঘটনাত কোনো লোক নিহত হোৱা নাই।

পাইলটজনে বিমান খনক নিৰাপদ স্থানত অবতৰন কৰে যাৰ ফলত দূৰ্ঘটনাটোৰ ফলত কোনো বস্তুৰ ক্ষয় ক্ষতি হোৱা নাই । পাকিস্থান বায়ু সেনাই এই দূৰ্ঘটনাৰ উচিত তদন্তৰ বাবে এখন বোৰ্ডক নিৰ্দেশ দিয়াৰ কথা ব্যক্ত কৰে । এই বৰ্ষত পাকিস্থানত এয়া পঞ্চমটো বিমান দূৰ্ঘটনা ।