আন্তঃৰাষ্ট্ৰীয়

পাকিস্তানৰ বেলুচিস্তানত বিস্ফোৰণ, ৭ জনৰ মৃত্যু, কমেও ২০জন আহত…

asomiyapratidin

ডিজিটেল ডেস্কঃ পাকিস্তানৰ বেলুচিস্তানৰ কুৱেটাৰাত সোমবাৰে সংঘটিত এক ভয়ংকৰ বিস্ফোৰণত ৭ জন লোক নিহত হোৱাৰ লগতে কমেও ২০ জন লোক আহত হয়। স্থানীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, কুৱেটেৰা প্ৰেছ ক্লাৱত একাংশ লোকে প্ৰতিবাদ সাব্যস্ত কৰি থকাৰ সময়তে কেইবাখনো বাহন একেলগে বিস্ফোৰণ ঘটে। যাৰ ফলত প্ৰতিবাদকাৰী কেইজনৰ ৭ জন লোক নিহত হয়। ইফালে বিস্ফোৰণত আহত সকলক তৎকালীনভাৱে চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।

উল্লেখ্য যে, বেলুচিস্তানত যোৱা মাহতো এনে এক বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছিল। সেই বিস্ফোৰণত ১৫ জন লোক নিহত হোৱাৰ লগতে অতি কমেও ২০জন লোক গুৰুতৰভাৱে আহত হৈছিল। মাত্ৰ এমাহৰ ভিতৰতে সংঘটিত হোৱা আৰু এটা বিস্ফোৰণৰ ঘটনাৰ পিছত এয়া পৰিকল্পতি বিস্ফোৰণ কাণ্ড বুলি সন্দেহ কৰিছে বিভিন্নজনে। আনহাতে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানেও ঘটনা সন্দৰ্ভত শোক ব্যক্ত কৰি ঘটনাৰ তাৎক্ষণিক তদন্ত কৰি প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে।