আন্তঃৰাষ্ট্ৰীয়

পাকিস্তানত ১২ খনকৈ মহিলাৰ শিক্ষানুষ্ঠানত অগ্নিসংযোগ

asomiyapratidin

ডিজিটেল ডেস্কঃ সাধাৰণ নিৰ্বাচনৰ পিছতে পুনৰ অগ্নিগৰ্ভা হৈ পৰিছে শান্তিৰ নোবেল জয়ী মালালাৰ দেশ। বৃহস্পতিবাৰে নিশা পাকিস্তানৰ গিলগিট-বাল্টিস্তান অঞ্চলত অজ্ঞাত দুৰ্বৃত্তই ১২ খনকৈ শিক্ষানুষ্ঠানত অগ্নি সংযোগ কৰে। অগ্নিসংযোগ কৰা এই আটাইকেইখন শিক্ষানুষ্ঠানতে অধ্যায়ন কৰিছিল ছাত্ৰীয়ে।

এই ঘটনাৰ পিছতে দেশখনত নাৰী শিক্ষাৰ উন্নয়নক লৈ পুনৰ প্ৰশ্ন উত্থাপিত হৈ পৰিছে। স্থানীয় সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুযায়ী যোৱা নিশা গিলগিটৰ পৰা প্ৰায় ১৩০ কিলোমিটাৰ দূৰত্বৰ চিলাচ চহৰত থকা ছোৱালীয়ে অধ্যায়ন কৰা আটাইকেইখন শিক্ষানুষ্ঠানত দুৰ্বৃত্তই অগ্নিসংযোগ কৰে। কেবাখনো শিক্ষানুষ্ঠানত অগ্নিসংযোগৰ লগতে বিস্ফোৰক ব্যৱহাৰ কৰা বুলিও আৰক্ষীয়ে সদৰী কৰিছে।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰিছে যদিও এই পৰ্যন্ত ইয়াৰ সৈতে জড়িত কোনো লোকক চিনাক্ত কৰিব পৰা হোৱা নাই। উল্লেখ্য যে দেশখনৰ উত্তৰাঞ্চলত এনেদৰে সময়ে সময়ে নাৰী শিক্ষাৰ কেন্দ্ৰসমূহত ইছলামিক মৌলবাদী সংগঠনসমূহে আক্ৰমণ সংঘটিত কৰি আহিছে।