আন্তঃৰাষ্ট্ৰীয়

পাকিস্তানৰ ২২ সংখ্যক প্ৰধানমন্ত্ৰী হ’ল ইমৰান খান

asomiyapratidin

ডিজিটেল ডেস্কঃ পাকিস্তানৰ নতুন প্ৰধানমন্ত্ৰী ৰূপে শপত ল'লে ইমৰান খানে। পুৱা প্ৰায় ১১বজাত প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে দেশখনৰ ২২সংখ্যক প্ৰধানমন্ত্ৰী হিচাপে শপত ল'লে। পাক ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এই শপত গ্ৰহণ অনুষ্ঠানত দেশ-বিদেশৰ ভালে সংখ্যক লোক উপস্থিত আছিল।

এই শপতগ্ৰহণ অনুষ্ঠানত ইমৰান খানৰ কেবাজনো বিদেশী ক্ৰিকেটাৰে অংশ লয়। তাৰ ভিতৰত উল্লেখযোগ্য আছিল নবজোৎ সিং সিদ্ধু। শপতগ্ৰহণ অনুষ্ঠানলৈ যোৱা সময়ত সিদ্ধুক পাকিস্তান সেনা প্ৰধান ওমৰ যাৱেদে গলত সাপতি উষ্ম আদৰণি জনায়। শপত গ্ৰহণস্থলীত সিদ্ধুক প্ৰথম শাৰীৰ আসনত বহিবলৈ দিয়ে।