আন্তঃৰাষ্ট্ৰীয়

সাৱধান, বতাহতো বিয়পিব পাৰে কোৰোনাঃ বিশ্ব স্বাস্থ্য সংস্থাইও মানি ল’লে এই কথা..

asomiyapratidin

ডিজিটেল ডেস্কঃ বতাহৰ পৰাও বিয়পিব পাৰে কোৰোনা ভাইৰাছ। শেহতীয়াকৈ এই কথা স্বীকাৰ কৰিলে বিশ্ব স্বাস্থ্য সংস্থাই। কিছুদিনৰ পূৰ্বে বিশ্বৰ ৩২খন দেশৰ ২৩৯গৰাকী বিজ্ঞানীয়ে কৰা এই দাবীক স্বীকাৰ কৰিলে বিশ্ব স্বাস্থ্য সংস্থাই। ইয়াৰ পূৰ্বে বিশ্ব স্বাস্থ্য সংস্থাই কোৰোনা বতাহৰ জৰিয়তে নিবিয়পে বুলি দাবী কৰিছিল। সংস্থাৰ এই স্থিতি সলনি কৰিবলৈ বিজ্ঞানীদলটোৱে এক পত্ৰয়ো প্ৰেৰণ কৰিছিল।

এই বিষয়ক লৈ যোৱা মঙলবাৰে বিশ্ব স্বাস্থ্য সংস্থাই কোৰোনাৰ দায়িত্ব অৰ্পণ কৰা এগৰাকী বিষয়াই কয়, কোৰোনাৰ airborne transmission আমি নুই কৰিব নোৱাৰো। যিহেতু ইয়াক লৈ পৰীক্ষা কৰাৰ পিছতহে এই দাবী কৰা হৈছে। উল্লেখ্য যে, বিশ্ব স্বাস্থ্য সংস্থাৰ এই ঘোষণা কৰাৰ পাছতে বিশ্ববাসী আৰু অধিক শংকিত হোৱা স্বাভাৱিক।