আন্তঃৰাষ্ট্ৰীয়

অলিম্পিকৰ উদ্বোধনী অনুষ্ঠানত ভাগ নলয় লাভলীনাই..

asomiyapratidin

ডিজিটেল ডেস্কঃ শুক্ৰবাৰে অনুষ্ঠিত হ'ব টকিঅ' অলিম্পিকৰ উদ্বোধনী অনুষ্ঠান। এই অনুষ্ঠানৰ বাবে বিশ্বৰ অগণন ক্ৰীড়ানুৰাগী অতি উৎসাহেৰে অপেক্ষা কৰে যদিও এইবাৰ অলিম্পিকৰ এই উদ্বোধনী অনুষ্ঠানক লৈ ক্ৰীড়ানুৰাগীৰ মাজত নাই বিশষ কোনো উৎসাহ। পূৰ্বৰ তুলনাত অনুষ্টুপয়ীকৈ অনুষ্ঠিত হ'ব এই উদ্বোধনী অনুষ্ঠান।

জানিব পৰা মতে ২৩ জুলাইৰ উদ্বোধনী অনুষ্ঠানত ভাৰতৰ মাত্ৰ ৪৪ জন খেলুৱৈয়েহে অংশগ্ৰহণ কৰিব। ২৪ তাৰিখৰ পৰা যিসকল খেলুৱৈৰ খেল আছে সেইসকলে এই উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ নকেৰ। ৪৪ জন খেলুৱৈৰ লগত ভাৰতৰ আন ৬ গৰাকী অফিচিয়েলে এই অুষ্ঠানত অংশগ্ৰহণ কৰিব।

টকিঅ' অলিম্পিকত ১২৫ গৰাকীতকৈ অধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰিব। আনহাতে টকিঅ' অভিমুখে ৰাওনা হোৱা ভাৰতীয় দলটোত মুঠ সদস্য আছে ২২৮ জন। অলিম্পিক আয়োজক কমিটিয়ে প্ৰতিযোগিতাৰ এই উদ্বোধনী অনুষ্ঠানত প্ৰতিখন দেশৰ মাত্ৰ ৬ গৰাকীকৈহে অফিচিয়েলক অংশগ্ৰহণৰ সুযোগ প্ৰদান কৰিছে।

উল্লেখ্য যে ২৪ জুলাইত বক্সিং, হকী, আৰ্চাৰীৰ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। সেই ফালৰ পৰা অসমৰ বক্সাৰ লাভলীনা বৰগোঁহাইয়ে এই উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ নকৰে। তেওঁ ২৪ জুলাইৰ পুৱাৰ ভাগতে বক্সিং ৰিঙত নামিব। উত্তৰপূৰ্বাঞ্চলৰ আন এগৰাকী মহিলা বক্সাৰ মেৰী কমে এই উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰিব। তেওঁ ভাৰতীয় মহিলা খেলুৱৈৰ হৈ ধ্বজা বহন কৰিব। তেওঁৰ প্ৰতিযোগিতা ২৪ জুলাইত নাই বুলি জানিব পৰা গৈছে।