আন্তঃৰাষ্ট্ৰীয়

নভাক জকোভিচ অষ্ট্ৰেলিয়াৰ প্ৰশাসনৰ ৰোষত- বাতিল হ’ল ভিছা, ন্যায়ালয়ত শুনানি…

asomiyapratidin

ডিজিটেল ডেস্কঃ অষ্ট্ৰেলিয়াৰ উচ্চতম ন্যায়ালয়ত বিশ্বৰ ১ নং স্থানৰ টেনিছ খেলুৱৈ নভাক জকোভিচৰ এক গোচৰৰ শুনানি গ্ৰহণ কৰিছে। ছাৰ্বিয়ান তাৰকাগৰাকীক পুনৰ অষ্ট্ৰেলিয়াত আটক কৰাৰ সম্ভাৱনাই দেখা দিছে। অষ্ট্ৰেলিয়াৰ আইন ভংগ কৰি বিপদত পৰা নভাক জকোভিচৰ গোচৰৰ শুনানি গ্ৰহণ কৰিছে অষ্ট্ৰেলিয়াৰ উচ্চতম ন্যায়ালয়ে। এই শুনানিত দোষী সাব্যস্ত হ'লেই তেওঁক পুনৰ আটক কৰা হ'ব পাৰে।

কোৰোনাৰ ভেকচিন গ্ৰহণৰ প্ৰমাণপত্ৰ নোহোৱাকৈ অষ্ট্ৰেলিয়াত প্ৰৱেশ কৰাৰ অপৰাধত মেলবৰ্ণ এয়াৰপ'ৰ্টত জোকভিচক আটক কৰা হৈছিল। কেৱল আটক কৰাই নহয়, তেওঁৰ ভিছা বাতিল কৰি শীঘ্ৰে অষ্ট্ৰেলিয়া এৰিবলৈ নিৰ্দেশ দিয়া হৈছিল।

এই ঘটনাৰ পিছতে ছাৰ্বিয়ান চৰকাৰে ইয়াৰ বিৰেধিতা কৰি অষ্ট্ৰেলিয়াৰ উচ্চতম ন্যায়ালয়ত এক গোচৰ ৰুজু কৰিছিল। ইয়াৰ পিছতে জকোভিচক এখন হোটেলৰ ভিতৰত আবদ্ধ কৰি ৰখা হৈছিল। অৱশ্যে পূৰ্বৰ এক শুনানিত জকোভিচক তেওঁৰ অধিবক্তাৰ লগত হোটেলৰ পৰা বাহিৰলৈ উলোৱাৰ অনুমতি প্ৰদান কৰা হৈছিল।