আন্তঃৰাষ্ট্ৰীয়

এসপ্তাহত উত্তৰ কোৰিয়াৰ দ্বিতীয়টো মিছাইল নিক্ষেপ…

asomiyapratidin

ডিজিটেল ডেস্কঃ উত্তৰ কোৰিয়াই বুধবাৰে সাগৰত ২ টা বেলিষ্টিক মিছাইল নিক্ষেপ কৰিছে।দেশখনে নিক্ষেপ কৰা দুয়োটা মিছাইল জাপানৰ ওচৰত অৱতৰণ কৰিছে। অৱশ্যে ই এক্সক্লুছিভ ইকনমিক জ'নৰ বাহিৰত পৰে। মনকৰিবলগীয়া যে উত্তৰ কোৰিয়াই এনে এক সময়ত এই মিছাইল নিক্ষেপ কৰিছে যিসময়ত চীনৰ বৈদেশিক মন্ত্ৰী দক্ষিণ কোৰিয়া ভ্ৰমণত আছে।

উল্লেখ্য যে এসপ্তাহতকৈও কম সময়ৰ ভিতৰত এইটো উত্তৰ কোৰিয়াৰ দ্বিতীয় মিছাইল উৎক্ষেপণ। বিশেষজ্ঞসকলে কৈছে যে উত্তৰ কোৰিয়াৰ এই মিছাইল উৎক্ষেপণ চীন আৰু জাপানৰ বাবে এক প্ৰকাৰৰ সতৰ্ক আছিল। চীন আৰু উত্তৰ কোৰিয়াই সাধাৰণতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক ৰক্ষা কৰি আহিছিল যদিও দুয়োখন দেশৰ সম্পৰ্ক শেহতীয়াকৈ কেইবাবাৰো তিক্ত হৈ পৰিছে।