আন্তঃৰাষ্ট্ৰীয়

তিনিজনলৈ পদাৰ্থ বিজ্ঞানৰ নবেল বঁটা…

asomiyapratidin

ডিজিটেল ডেস্কঃ ৰয়েল চুইডিছ একাডেমী অফ চাইন্সে মঙলবাৰে পদাৰ্থ বিজ্ঞানৰ নবেল বঁটা ঘোষণা কৰে। ২০২১ বৰ্ষৰ পদাৰ্থ বিজ্ঞানৰ নবেল বঁটা জাপানৰ চুকুৰো মানাবে, জাৰ্মানীৰ ক্লছ হেচেলমেন আৰু ইটালীৰ জৰ্জিঅ পেৰিচিক প্ৰদান কৰা হৈছে। জটিল ভৌতিক প্ৰণালীৰ উন্নত বুজাবুজিৰ ক্ষেত্ৰত তিনিওজনে আগবঢ়োৱা অভূতপূৰ্ব অৱদানৰ বাবে এই সন্মানীয় বঁটা প্ৰদান কৰা হৈছে।

মঙ্গলবাৰে পদাৰ্থ বিজ্ঞানৰ নবেল বঁটা বিজয়ীসকলৰ নাম ৰয়েল চুইডিছ একাডেমী অফ চাইন্সৰ সাধাৰণ সম্পাদক গেৰন হেনছনে ঘোষণা কৰিছে।জাপানৰ চুকুৰো মানাবে আৰু জাৰ্মানীৰ ক্লছ হেচেলমেনৰ গৱেষণাই দেখুৱাইছে যে বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধিয়ে পৃথিৱীৰ পৃষ্ঠৰ উষ্ণতা কেনেদৰে বৃদ্ধি কৰে। মানাবে আৰু হেচেলমেনৰ গৱেষণাই বৰ্তমানৰ জলবায়ু আৰ্হি বিকশিত কৰাত যথেষ্ট সহায় কৰিছে।

পুৰস্কাৰৰ দ্বিতীয়াৰ্ধৰ বাবে ইটালীৰ জৰ্জিঅ পেৰিচিক নিৰ্বাচিত কৰা হৈছে। তেওঁ পাৰমাণৱিকৰ পৰা গ্ৰহৰ স্তৰলৈকে ভৌতিক প্ৰণালীৰ তাৰতম্য আৰু বিজুতিৰ ওপৰত গৱেষণাৰ বাবে বঁটা লাভ কৰিছে। ইয়াৰ পূৰ্বে সোমবাৰে নবেল সমিতিয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ডেভিদ জুলিয়াছ আৰু আৰ্দাম পেটাপুটিয়ানক মেডিচিনৰ নবেল বঁটাবিজয়ী হিচাপে ঘোষণা কৰিছিল। শৰীৰৰ উষ্ণতা আৰু স্পৰ্শৰ বাবে ৰিচেপ্টৰৰ আৱিষ্কাৰৰ বাবে তেওঁক সন্মানীয় বঁটা প্ৰদান কৰা হৈছে।

উল্লেখ্য যে আগন্তুক সময়ত ৰসায়ন বিজ্ঞান, সাহিত্য, শান্তি আৰু অৰ্থনীতিৰ ক্ষেত্ৰত আগবঢ়োৱা উৎকৃষ্ট কামৰ বাবে নবেল বঁটাও ঘোষণা কৰা হ'ব।