আন্তঃৰাষ্ট্ৰীয়

দুই মাৰ্কিন অধ্যাপকলৈ চলিত বৰ্ষৰ অৰ্থনীতিৰ নোবেল

asomiyapratidin

ডিজিটেল ডেস্কঃ দুই মাৰ্কিন অৰ্থনীতিবিদলৈ আগবঢ়োৱা হৈছে চলিত বৰ্ষৰ অৰ্থনীতিৰ নোবেল। এই দুই অৰ্থনীতিবিদ হৈছে উইলিয়াম ডি নৰডাছ আৰু পল এম ৰোমাৰ।

জলবায়ু পৰিৱৰ্তনৰ সৈতে দীৰ্ঘম্যাদী অৰ্থনীতিক সংযুক্তিকৰণৰে আগবঢ়োৱা বিশ্লেষণৰ বাবে য়েল বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ
প্ৰাক্তন অধ্যাপকগৰাকীলৈ আগবঢ়োৱা হৈছে এই বঁটা।

আনহাতে প্ৰযুক্তিগত উদ্ভাৱনৰ সৈতে অৰ্থনীতিৰ সম্পৰ্ক কেনেধৰণৰ সেই সম্পৰ্কত কৰা বিশ্লেষণৰ বাবে চিকাগো বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক পল ৰোমাৰক প্ৰদান কৰা হয় এই সন্মান।

উল্লেখ্য যে চলিত বৰ্ষৰ জানুৱাৰী পৰ্যন্ত বিশ্ব বেংকৰ মুখ্য অৰ্থনীতিবিদ আৰু উপ-সভাপতি হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল আজি নোবেল লাভ কৰিবলৈ সমৰ্থ হোৱা পল ৰোমাৰে।