আন্তঃৰাষ্ট্ৰীয়

পাৰাগুৱেলৈ ভেকচিন প্ৰেৰণত তৃতীয় পক্ষ জড়িত নাইঃ বিদেশ মন্ত্ৰালয়

asomiyapratidin

ডিজিটেল ডেস্কঃ টাইৱানৰ বিদেশ মন্ত্ৰীৰ উদ্ধৃতিৰে কেইদিনমান আগতে এক বাতৰি প্ৰকাশ পাইছিল। বাতৰিটোত কোৱা হৈছিল যে, টাইপেৰ হস্তক্ষেপৰ ফলতহে ভাৰতে কোভিড ভেকচিন পাৰাগুৱেলৈ প্ৰেৰণ কৰিছিল।

কিন্তু বিদেশ মন্ত্ৰালয়ে স্পষ্ট কৰে যে, পাৰাগুৱেলৈ ভাৰতে কোভিড ভেকচিন প্ৰেৰণ কৰাৰ ক্ষেত্ৰত তৃতীয় পক্ষ জড়িত নাই। বাতৰিটো প্ৰচাৰ হোৱাৰ পাছত বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচিয়ে কয় যে, নতুন দিল্লী মহলে কোনো তৃতীয় পক্ষৰ হস্তক্ষেপত বৰ্তমান দক্ষিণ আমেৰিকান দেশখনলৈ কোভিড ভেকচিন প্ৰেৰণ কৰা হোৱা নাই।

২৬ মাৰ্চতে ভাৰতে পাৰাগুৱেলৈ প্ৰেৰণ কৰিছিল ১ লাখ কোভিড ভেকচিন। পাৰাগুৱেৰ বিদেশ মন্ত্ৰীয়ে ভাৰতৰ বিদেশ মন্ত্ৰীলৈ টেলিফোনযোগে অনুৰোধ জনোৱাৰ পাছতহে কোভিড ভেকচিন প্ৰেৰণ কৰা হৈছিল বুলি বিদেশ মন্ত্ৰালয়ে সদৰি কৰে।