আন্তঃৰাষ্ট্ৰীয়

নীৰৱ মোডীক শীঘ্ৰে প্ৰত্যাৱৰ্তনৰ চেষ্টা ভাৰত-ব্ৰিটেইন চৰকাৰৰ…

asomiyapratidin

ডিজিটেল ডেস্কঃ পঞ্জাৱ নেশ্যনেল বেংকৰ ১৩শ কোটি টকীয়া কেলেংকাৰীৰে জড়িত নীৰৱ মোডীক লণ্ডনত গ্ৰেপ্তাৰ কৰাৰ পাছত অতি শীঘ্ৰে ভাৰতলৈ প্ৰত্যাৱৰ্তন কৰাৰ বাবে ভাৰত চৰকাৰ আৰু ব্ৰিটেইনৰ মাজত আলোচনা চলি আছে। পূৰ্বে বিজয় মালিয়াক প্ৰত্যাৱৰ্তনৰ ক্ষেত্ৰত হোৱা ভুলবোৰৰ পৰা শিক্ষা লৈ এইবাৰ ভাৰতীয় সংস্থাসমূহক নীৰৱ মোডীক ভাৰতলৈ অনাৰ সকলো চেষ্টা কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

বিদেশ মন্ত্ৰণালয়ৰ প্ৰবক্তা ৰবীশ কুমাৰে এই সন্দৰ্ভত কয় যে- ভাৰত চৰকাৰে নীৰৱ মোডীৰ প্ৰত্যাৱৰ্তনৰ ক্ষেত্ৰত ব্ৰিটেইনৰ সৈতে আলোচনা কৰি আছে। লগতে তেওঁ কয়- 'আমি ৱেষ্ট মিনিষ্টৰ মেজিষ্ট্ৰেট ন্যায়ালয়ৰ দ্বাৰা নীৰৱ মোডীক গ্ৰেপ্তাৰী পাৰোৱানা জাৰি কৰা আৰু ব্ৰিটেইনৰ বিয়া সকলে মোডীক গ্ৰেপ্তাৰ কৰাৰ বাবে আদৰণি জনাইছো।'