আন্তঃৰাষ্ট্ৰীয়

পত্নী অসুস্থ, ১ মহীয়া সন্তানক লৈ সংসদ ভৱনত নিজ কামত ব্যস্ত সাংসদ পিতৃ…

asomiyapratidin

ডিজিটেল ডেস্কঃ ফটোৱে কথা কয়, কিছু ফটো এনেকুৱা থাকে যিয়ে হৃদয় চুই যায়।শেহতীয়াকৈ তেনে এক ফটোৱে ভাইৰেল হৈছে ছ'চিয়েল মিডিয়াত। ফটোখনৰ স্থান হৈছে নিউজিলেণ্ডৰ সংসদ ভৱনৰ। এজন সাংসদে কণমাণি সন্তানক লৈ উপস্থিত হল সংসদ ভৱনত।

সংসদ ভৱনত কণমাণিটো লৈ উপস্থিত হোৱাৰ পাছত সাংসদ পিতৃয়ে সন্তানক কোলাত লৈয়ে ভাগ ললে সংসদৰ বিভিন্ন আলোচনাত। আনহাতে এটা সময়ত অধ্যক্ষৰ কোলাতো তুলি দিলে কণমাণিটিক। অধ্যক্ষইয়ো কনমাণিটিক কোলত লৈ কোনো অসুবিধা নোহোৱাকৈ চলাই নিলে সংসদৰ কাম কাজ।

নিউজিলেণ্ডৰ এই সাংসদগৰাকীৰ নাম হৈছে তমাটি কাফে। যোৱা ১০ জুলাইত সাংসদগৰাকীৰ পত্নীয়ে জন্ম দিয়ে এটি সন্তানক। শাৰিৰিক অসুস্থতাৰ বাবে মাতৃৰ ওচৰত কষ্ট পায় বুলিয়েই নিজৰ সৈতে লৈ সংসদ ভৱনলৈ লৈ আহিলে সন্তানটিক।

২১ আগষ্টত সংসদ ভৱনত উপস্থিত হোৱাৰ লগে লগে কনমাণিটো সকলো সাংসদে কোলাত লৈ ফটোও উঠিলে, তাৰ পিছতে ভাইৰেল এই ফটো। উল্লেখ্য যে, এনে পৰিস্থিতিৰ মাজতো সংসদ ভৱনত সকলো কাম অতি নিয়াৰিকৈ চলি থাকিল।