আন্তঃৰাষ্ট্ৰীয়

ইৰানী জেনেৰেল কাছিম চোলেমানীৰ হত্যাৰ এদিনৰ পিছতে ইৰাকত আমেৰিকাৰ পুনৰ এয়াৰষ্ট্ৰাইক! ৬ জনৰ মৃত্যু

asomiyapratidin

ডিজিটেল ডেস্কঃ শুকুৰবাৰে মাৰ্কিন সেনাই ইৰাকৰ বাগদাদত আক্ৰমণ চলাই ইৰানৰ দ্বিতীয় শক্তিশালী নেতা তথা শীৰ্ষ কুদছ কমাণ্ডাৰ কাছিম চোলেমানিক হত্যা কৰাৰ মাত্ৰ এদিন পিছতেই শনিবাৰে পুনৰ ইৰাকত এয়াৰ ষ্ট্ৰাইক চলায় মাৰ্কিন সেনাই। ইৰাকী সেনাৰ এক সূত্ৰই সদৰী কৰা মতে, আমেৰিকাই ইৰাকত চলোৱা এই দ্বিতীয়টো এয়াৰষ্ট্ৰাইকত পুনৰ এজন হছীদ কমাণ্ডাৰৰ মৃত্যু ঘটে। ইফালে আক্ৰমণত মুঠ ৬ জন লোক নিহত হোৱা বুলি জানিব পৰা গৈছে।

বাতৰি অনুসৰি, শনিবাৰে মাৰ্কিন বায়ু সেনাই বাগদাদৰ উত্তৰাঞ্চলত চলায় এই আক্ৰমণ। আক্ৰমণত নিহত হোৱা আটাইকেইজন ইৰান সমৰ্থক মিলিছিয়া হছীদ অল-শাবীৰ সদস্য বুলি জানিব পৰা গৈছে। উল্লেখ্য যে, মিলিছিয়া হাছীদ অল-শাবী হৈছে ইৰান সমৰ্থক পপুলাৰ মোবলাইজেশ্যন ফ'ৰ্ছেছৰ আন এটা নাম।

সংবাদ সংস্থা ৰায়টাৰে ইৰাকী সেনাৰ এক সূত্ৰৰ উদ্ধৃতি দি প্ৰকাশ কৰা বাতৰিত কোৱা হৈছে যে আমেৰিকাই শনিবাৰে উত্তৰ বাগদাদত ইৰাকী মিলিছিয়াৰ কনভয়ৰ ওপৰত আক্ৰমণ চলাইছিল। যাৰ ফলত মিলিছিয়াৰ ৩ খন বাহনৰ ভিতৰত দুখনেই সম্পূৰ্ণৰূপে ধ্বংস হৈ যায় আৰু বাহন দুখনৰ ভিতৰত থকা ৬ জন লোকৰ মৃত্যু ঘটে। স্থানীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি মাৰ্কিন সেনাই এই আক্ৰমণ সংঘটিত কৰে নিশা প্ৰায় ১.১২ বজাত। অৱশ্যে এই আক্ৰমণত কোন কোন কমণ্ডাৰৰ মৃত্যু ঘটিছে, সেই বিষয়ে এতিয়াও কোনো তথ্য প্ৰকাশ কৰা নাই ইৰাকী প্ৰশাসনে।

প্ৰণিধানযোগ্য যে, শুকুৰবাৰে আমেৰিকাৰ দ্ৰোণ আক্ৰমণত প্ৰাণ হেৰুওৱা ইৰানৰ শীৰ্ষ সেনা বিষয়া জেনেৰেল কাছিম চোলেমানি আৰু ইৰাকী অৰ্ধসামৰিক বাহিনীৰ উপাধ্যক্ষ অবু মহদী অল মুহান্দিছৰ অন্তিম যাত্ৰা বাহিৰ কৰাৰ কথা আছিল শনিবাৰে। কিন্তু এই অন্তিম যাত্ৰা বাহিৰ কৰাৰ মাত্ৰ কেইঘণ্টামান পূৰ্বেই ইৰাকত পুনৰ আক্ৰমণ চলে। এই আক্ৰমণৰ দায়িত্ব আমেৰিকাই বৰ্তমানলৈকে স্বীকাৰ কৰা নাই যদিও ইৰাকী চৰকাৰী টিভি আৰু সংবাদ সংস্থা সমূহে এই আক্ৰমণ আমেৰিকাই সংঘটিত কৰা বুলি দাবী কৰিছে।

উল্লেখ্য যে, শুকুৰবাৰে ইৰাকত ইৰানী জেনেৰেল কাছিম চোলেমানীৰ হত্যাৰ পিছতে ফ্লোৰিডাত অৱসৰ যাপন কৰি থকা মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে কাছিম চোলেমানীৰ হত্যা ইৰাকৰ সৈতে শত্ৰুতা বৃদ্ধিৰ বাবে কৰা হোৱা নাছিল। আমেৰিকাই নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠন আখ্যা দিয়া আইআৰজিচিৰ অধ্যক্ষ কাছিম চোলেমানীক নিধন কৰি আমেৰিকাই এখন যুদ্ধ স্তিমিত কৰা বুলিহে দাবী কৰিছিল ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে।

ইফালে কাছিম চোলেমানীৰ হত্যাৰ পিছতে ইৰানৰ ৰাষ্ট্ৰপতি হাছান ৰুহানীয়ে কয় যে সন্ত্ৰাসবাদৰ বিৰুদ্ধে জেনেৰেল কাছিম চোলেমানীয়ে যিধৰণে আগবাঢ়িছিল, সেই যাত্ৰা পৰৱৰ্তী সময়তো অব্যাহত ৰখা হ'ব। ৰুহানীয়ে প্ৰত্যক্ষভাৱে আমেৰিকাৰ ওপৰত কাছিম চোলেমানীৰ হত্যাৰ প্ৰতিশোধ লোৱা হ'ব বুলিও এক টুইটযোগে মন্তব্য কৰে।