আন্তঃৰাষ্ট্ৰীয়

ভগৱান ৰাম নেপালী, ভাৰতীয় নহয়ঃ নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলী…

asomiyapratidin

ডিজিটেল ডেস্কঃ নেপালৰ প্রধানমন্ত্ৰী কে পি শৰ্মা অলীয়ে কৰিছে এক বিতৰ্কিত মন্তব্য। ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ খবৰ অনুসৰি, নেপালৰ প্রধানমন্ত্ৰীগৰাকীয়ে কয়- 'অযোধ্যা নেপালত আছে। ভাৰতে এখন নকল অযোধ্যাহে বিশ্বৰ সন্মুখত দেখুৱাই ৰাখিছে।'

তেওঁ লগতে কয় যে, 'ভগৱান ৰাম নেপালী হয়। ভাৰতীয় নহয়।' উল্লেখ্য যে, প্ৰধানমন্ত্ৰী অলীয়ে নিজ বাসভৱনত আয়োজিত এক অনুষ্ঠানত ভাৰতে নকল অযোধ্যাহে বিশ্বৰ সন্মুখত দেখুৱাই ৰাখিছে বুলি কয়। অযোধ্য ভাৰতত নহয়, প্ৰকৃততে নেপালৰ বাল্কিমী আশ্ৰমৰ সমীপত আছে বুলি মন্তব্য কৰে তেওঁ।