আন্তঃৰাষ্ট্ৰীয়

নেপালত প্ৰকৃতিৰ ৰুদ্ৰ ৰূপঃ বান আৰু ভূমিস্খলনত নিহত ২১ জন সন্ধানহীন ২৪ জন…

asomiyapratidin

ডিজিটেল ডেস্কঃ ভাৰতৰ লগতে প্ৰকৃতিয়ে ৰুদ্ৰ ৰূপ ধাৰণ কৰিছে চুবুৰীয়া দেশ নেপালত। নেপালত ধাৰাসাৰ বৰষুণৰ হোৱাৰ ফলত বানপানীয়ে বিধ্বংসী ৰূপ ধাৰণ কৰিছে।দেশখনত বান পানী আৰু ভূমিস্খলনৰ ফলত ২১ জন লোক নিহত হোৱাৰ লগতে বৰ্তমানলৈকে ২৪ জন লোক সন্ধানহীন হৈছে।

নেপালৰ গৃহ মন্ত্ৰালয়ে জনাইছে যে দেশৰ ১৯ খন জিলা বানপানী আৰু ভূমিস্খলনৰ দ্বাৰা প্ৰভাৱিত হৈছে। দেশখনত ইতিমধ্যে বাৰিষাৰ বতৰৰ সমাপ্তি ঘটিছে। কিন্তু হঠাতে দেশখনত জলবায়ু সলনি হৈছে। বানপানীৰ ফলত, ভ্ৰমণ, বিদ্যুৎ যোগান আৰু কৃষিজাত সামগ্ৰীৰ শস্য চপোৱা আদি কাৰ্যত যথেষ্ট প্ৰভাৱ পৰিছে।