আন্তঃৰাষ্ট্ৰীয়

নেপালত বন্ধ কৰা হ’ল ভাৰতীয় নিউজ চেনেল…

asomiyapratidin

ডিজিটেল ডেস্কঃ নেপালত বন্ধ কৰা হ'ল ভাৰতীয় নিউজ চেনেল। নেপালৰ কেবল টিভি অপাৰেটৰ সকলে গ্ৰহণ কৰিছে এই সিদ্ধান্ত। আুৰ এতিয়াৰ পৰা নেপালৰ লোকে চাব নোৱাৰিব ভাৰতীয় নিউজ চেনেলসমূহ। নেপালে ভাৰতৰ সন্দৰ্ভত এনে ধৰণৰ পদক্ষেপ গ্ৰহণৰ ঘটনা এয়াই প্ৰথম। অৱশ্যে ভাৰতৰ দূৰদৰ্শন চেনেলটো চলি থাকিব নেপালত।

উল্লেখ্য যে, নেপাল চৰকাৰে এই সন্দৰ্ভত কোনো নিৰ্দেশ নিদিয়া স্বত্তেও দেশখনৰ কেবল টিভি অপাৰেটৰসকলে গ্ৰহণ কৰিছে এই সিদ্ধান্ত। কেবল টিভি অপাৰেটৰ সকলে গ্ৰহণ কৰা এই পদক্ষেপৰ পাছতেই বুজি পাৰিব যে, চুবুৰীয়া ৰাষ্ট্ৰখনত ভাৰতক লৈ কি ধৰণৰ পৰিৱেশ-পৰিস্থিতি বিৰাজমান।

যোৱা কিছু দিনৰ পৰা নেপাল আৰু ভাৰতৰ মাজত পূৰ্বৰ দৰে সুসম্পৰ্ক ৰক্ষা হৈ থকা নাই। সীমা বিবাদক লৈ নেপালে ভাৰতৰ বিৰোধিতা কৰি আহিছে। ইফালে, ভাৰত-নেপাল সীমা বিবাদত নেপালৰ সেনা জোৱানে ভাৰতীয় কৃষকৰ ওপৰত গুলীচালনাও কৰিছিল। য'ত এজন লোকৰ মৃত্যু হৈছিল।