আন্তঃৰাষ্ট্ৰীয়

নাছাৰ আশ্চৰ্যজনক ভিডিঅ’, ১০ বছৰ ধৰি সূৰ্যক নিৰীক্ষণ কৰি আছে নাছাই…

asomiyapratidin

ডিজিটেল ডেস্কঃ আমেৰিকাৰ মহাকাশ সংস্থা নাছাৰ চলাৰ ডাইনেমিক অৱজেকটেৰীয়ে  এটা ভিডিঅ' শ্বেয়াৰ কৰিছে। ভিডিঅটোৱে সামাজিক মাধ্যম যথেষ্ট চৰ্চা লাভ কৰিছে। এই ভাইৰেল ভিডিঅ'টোত নাছাই সমগ্ৰ ১০ বছৰত সূৰ্য্যৰ ওপৰত নজৰ ৰাখি এটা ভিডিঅ প্ৰস্তুত কৰিছে। ইতিমধ্যে, এই ভিডিঅৰ জৰিয়তে নাছাই যথেষ্ট গুৰুত্বপূৰ্ণ তথ্য সংগ্ৰহ কৰিছে।

একে সময়তে, নাছাই সূৰ্যৰ বিষয়ে ভালেমান তথ্য প্ৰকাশ কৰিছে। আপুনি আচৰিত হ'ব যে, নাছাৰ সৌৰ অৱজেক্টৰীয়ে ১০বছৰ ধৰি সূৰ্যক নিৰীক্ষণ কৰি আছে। একে সময়তে, ই সূৰ্য্যৰ ৪৫০ নিযুত উচ্চ-ৰিজলিউশ্বনৰ ছবি তুলিছে, য'ত ২০ নিযুত গীগাবাইট ডাটাও সংগ্ৰহ কৰিছে।

নাছাই ভিডিঅ'টো শ্বেয়াৰ কৰি লিখিছে যে, নাছাই ৬১ মিনিটৰ ভিডিঅ'ৰ যোগেৰে ১০ বছৰৰ সূৰ্য দেখুৱাইছে। ইতিমধ্যে, প্ৰতি ঘণ্টাত এখন ছবি ব্যৱহাৰ কৰা হৈছে। ভিডিঅ'টো এক ছেকেণ্ডত এটা দিন দেখুওৱা হৈছে।