আন্তঃৰাষ্ট্ৰীয়

পাক প্ৰধানমন্ত্ৰীলৈ মোডীৰ পত্ৰ- প্ৰথমে সন্ত্ৰাসবাদী দমন কৰক, তাৰ পিছত বহক আলোচনাত

asomiyapratidin

ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচন, ২০১৯ত বৃহৎ জয় লাভ কৰা বিজেপি মিত্ৰজোঁটে পুনৰ এবাৰ কেন্দ্ৰত চৰকাৰ গঠন কৰাৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক টুইটযোগে শুভেচ্ছা জ্ঞাপন কৰিছিল পাক প্ৰধানমন্ত্ৰী ইমৰান খানে। তাৰ পিছতে যোৱা ৮ জুনত ইমৰান খানে প্ৰধানমন্ত্ৰী মোডীলৈ এক পত্ৰ প্ৰেৰণ কৰি আলোচনাৰ আগ্ৰহ ব্যক্ত কৰে। যাৰ প্ৰত্যুত্তৰ দি প্ৰধানমন্ত্ৰী মোডীয়ে পাক প্ৰধানমন্ত্ৰীগৰাকীলৈ এক পত্ৰ লিখিছে। য'ত পাকিস্তানে সন্ত্ৰাসবাদৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণ কৰিলেহে দুয়োখন দেশৰ মাজত আলোচনা সম্ভৱ হৈ উঠিব বুলি উল্লেখ কৰিছে মোডীয়ে।

উল্লেখ্য যে, পাক প্ৰধানমন্ত্ৰী ইমৰান খানে যোৱা ৮ জুনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ এক পত্ৰ প্ৰেৰণ কৰি কাশ্মীৰকে ধৰি দুয়োখন দেশৰ গুৰুত্বপূৰ্ণ বিষয়ৰ সন্দৰ্ভত আলোচনাৰ বাবে প্ৰস্তাৱ দিছিল। তেওঁ ইছলামাবাদ আৰু দিল্লীত এই বৈঠক অনুষ্ঠিত কৰাৰ কথাও ব্যক্ত কৰিছিল। তাৰ পিছতে বুধবাৰে নৰেন্দ্ৰ মোডীয়ে এই পত্ৰৰ উত্তৰ দি লিখে যে পাকিস্তানে যেতিয়ালৈকে সন্ত্ৰাসবাদৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ নকৰে তেতিয়ালৈকে দুয়োখন দেশৰ মাজৰ শান্তি আলোচনা সম্ভৱ নহয়।

ইয়াৰ পূৰ্বে ইমৰান খানে প্ৰধানমন্ত্ৰী মোডীৰ দ্বিতীয় কাৰ্যকালৰ বাবে শুভেচ্ছা জ্ঞাপন কৰি বিজেপিৰ পুনৰ আগমণে দুয়োখন দেশৰ দৰিদ্ৰতা নিৰ্মূল কৰি প্ৰগতিৰ দিশত আগুৱাই যাবলৈ সক্ষম হ'ব বুলি মন্তব্য কৰিছিল।