আন্তঃৰাষ্ট্ৰীয়

টুইটাৰত আটাইতকৈ প্ৰভাৱশালী ৰাজনৈতিক নেতা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী…

asomiyapratidin

ডিজিটেল ডেস্কঃ মাৰ্কিন যুক্ত ৰাষ্ট্ৰৰ এটা সংস্থাৰ সমীক্ষাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী বিশ্বৰ জনপ্ৰিয় ৰাষ্ট্ৰনেতাৰ তালিকাত শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হোৱাৰ পিছত পুনৰ এক নতুন মাইলৰ খুঁটিত উপনীত হবলৈ সক্ষম হৈছে। এইবাৰ তেওঁ লাভ কৰিছে জনপ্ৰিয় সামাজিক মাধ্যম টুইটাৰৰ ৫০ জন আটাইতকৈ প্ৰভাৱশালী ব্যক্তিৰ তালিকাত স্থান লাভ কৰিছে। কেৱল স্থান লাভ কৰাই নহয় তেওঁ এই তালিকাত শীৰ্ষৰ দ্বিতীয় স্থান লাভ কৰিছে।

উপভোক্তা চোৰাংচোৱা সংস্থা ব্ৰেণ্ডৱাচৰ বাৰ্ষিক গৱেষণাৰ ভিত্তিত প্ৰস্তুত কৰা টুইটাৰৰ আটাইতকৈ প্ৰভাৱশালী শীৰ্ষ ৫০ জন তালিকাত ভাৰতীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দ্বিতীয় স্থান লাভ কৰাৰ বিপৰীতে আমেৰিকান গায়ক টেইলৰ চুইফ্টে শীৰ্ষ অৰ্থাত প্ৰথম স্থান দখল কৰিছে। এই গৱেষণা অনুসৰি টুইটাৰত বিশ্বৰ আটাইতকৈ প্ৰভাৱশালী ৰাজনৈতিক নেতা হৈছে প্ৰধামন্ত্ৰী মোডী। কিয়নো তেওঁক অতিক্ৰম কৰিবলৈ কোনো ৰাজনৈতিক নেতাই সক্ষম হোৱা নাই।

উল্লেখ্য যে এই সংস্থাটোৱে প্ৰকাশ কৰা এই তালিকাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উপৰিও প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰৰ নামো অন্তৰ্ভুক্ত হৈছে। আমোদজনক ভাৱে, শচীনে এই তালিকাত বহুতো চেলিব্ৰিটিক অতিক্ৰম কৰিবলৈ সক্ষম হৈছে। শচীন তেণ্ডুলকাৰে অতিক্ৰম কৰা চেলিব্ৰিটিসকলৰ ভিতৰত আছে আমেৰিকান অভিনেতা ডোৱেন জনছন, লিওনাৰ্ডো ডিকেপ্ৰিঅ' আৰু আমেৰিকাৰ প্ৰাক্তন প্ৰথম মহিলা মিচেল অ'বামা আদি।

প্ৰতিষ্ঠানটোৱে কৈছে যে শচীনে দুৰ্বল শ্ৰেণীৰ বাবে নিৰন্তৰ মাত মাতি আহিছে। তদুপৰি, তেওঁৰ সহযোগী ব্ৰেণ্ডৰ প্ৰাসঙ্গিক আকৰ্ষণীয় প্ৰচাৰৰ বাবে তেওঁৰ অনুৰাগীৰ অনুসৰণ যথেষ্ট বৃদ্ধি পাইছে। ইয়াৰ বাবে, তেওঁক তালিকাৰ ৩৫ সংখ্যক স্থানত ৰখা হৈছে। মনকৰিব লগীয়া যে ক্ৰিকেটৰ ঈশ্বৰ, মাষ্টাৰ ব্লাষ্টাৰ হিচাপে পৰিচিত প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ তথা ৰাজ্যসভাৰ সাংসদ শচীন তেণ্ডুলকাৰ এক দশকৰো অধিক সময় ধৰি ইউনিচেফৰ সৈতে জড়িত হৈ আছে।

তেওঁ ২০১৩ চনত দক্ষিণ এছিয়াৰ ৰাষ্ট্ৰদূত হিচাপে নিযুক্ত হৈছিল। শচীন তেণ্ডুলকাৰে গ্ৰাম্য আৰু নগৰীয়া দুয়োখন ভাৰততে কেইবাটাও স্বাস্থ্য, শিক্ষা আৰু ক্ৰীড়া প্ৰচেষ্টাক সমৰ্থন জনাইছে। ক্ৰিকেটৰ পথাৰতো শচীনে গঢ়ি থৈছে বহু অভিলেখ। আজিও অক্ষত হৈ আছে শচীনৰ বহু অভিলেখ। যি অভিলেখ হয়তো ভংগ কৰিবলৈ সক্ষম নহ'বও পাৰে বৰ্তমানৰ বা ভৱিষ্যতৰ কোনো ক্ৰিকেটাৰ।

ইফালে বলিউড আৰু হলিউডৰ অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাৰ স্বামী নিক জোনাছ, নিকি মিনাজ, বিয়ন্সে, লুইছ টমলিনছন, ব্ৰুনো মাৰ্চ, লাইম পেইন আৰু টাকাফুমি হোৰীকো 'ব্ৰেণ্ডৱাচ'ৰ এই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। প্ৰতিবেদন অনুসৰি, তালিকাত স্থান লাভ কৰা সকলৰ ভিতৰত ৬১ শতাংশ পুৰুষ আৰু ৩৯শতাংশ মহিলা। আনহাতে আকৌ তালিকাত স্থান লাভ কৰা ব্যক্তিসকলৰ ৬৭ শতাংশ লোক আমেৰিকা যুক্তৰাষ্ট্ৰৰ ১৩ শতাংশ ব্ৰাজিলৰ।