আন্তঃৰাষ্ট্ৰীয়

নাৰায়ণপুৰত কৃষক মুক্তিৰ নেতৃত্বত ব্যতিক্ৰমী প্ৰতিবাদ…

asomiyapratidin

ডিজিটেল সংবাদ, নাৰায়ণপুৰঃ লখিমপুৰ জিলাৰ নাৰায়ণপুৰত কৃষক নেতা অখিল গগৈৰ মুক্তি,কা বাতিল আৰু বৃহৎ নদী বান্ধ বন্ধৰ দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত এক ব্যতিক্ৰমী প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । নাৰায়ণপুৰৰ ৰঙতি গাঁও পঞ্চায়ত এলেকাৰ গোসাঁনী পুখুৰী অঞ্চলত পথাৰৰ পৰাই এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।

কৃষক নেতা অখিল গগৈক বিনাচৰ্তে মুক্তি দিয়ক,কা আমি নামানো, বৃহৎ নদীবান্ধ বন্ধ কৰক,বিজেপি চৰকাৰ হুচিয়াৰ,সৰ্বানন্দ সোনোৱাল গ'বেক ধ্বনিৰে উত্তাল পৰিবেশ সৃষ্টি কৰে প্ৰতিবাদকাৰী সকলে । প্ৰতিকীৰূপত ৰূপায়ণ কৰা উক্ত প্ৰতিবাদী কাৰ্যসূচীত শিশুৰ পৰা বৃদ্ধলৈকে অঞ্চলটোৰ শতাধিক লোকে অংশগ্ৰহণ কৰে । কাৰ্যসূচীত কৃষক মুক্তিৰ লগতে টাই আহোম ছাত্র সন্থা আৰু কৃষক শ্ৰমিক পৰিষদেও সহযোগিতা আগবঢ়ায়।