আন্তঃৰাষ্ট্ৰীয়

এটা দামী মোবাইলৰ বাবে সন্তানক ৪০ হাজাৰ টকাত বিক্ৰী মাতৃৰ

asomiyapratidin

ডিজিটেল ডেস্কঃ মোবাইল অবিহনে এতিয়া অচল জীৱন। পুৱা শুই উঠাৰ পৰা আৰম্ভ কৰি নিশা আকৌ শুৱালৈকে মোবাইলতে সম্পন্ন হয় প্ৰায়বোৰ প্ৰয়োজনীয় কাম। ডিজিটেল এই যুগত মোবাইল ফোনে আপোনাক সকলোধৰণে সহায় কৰিব পাৰে,যদিহে ফোনটো আপুনি সুব্যৱহাৰ কৰে।

বহু সন্তানৰ মাতৃয়ে বৰ্তমান সময়ত সন্তানতকৈ মোবাইলটোক অধিক গুৰুত্ব দিয়াৰ অভিযোগো মাজে সময়ে উত্থাপন হয়। কিন্তু সন্তানক বিক্ৰী কৰি কোনো মাতৃয়ে এটা মোবাইল কিনাৰ কথাৰ ভাবিব পাৰে জানো! আচৰিত যেন লাগিলেও এনে ঘটনাই সংঘটিত হল নাইজেৰিয়াত। এগৰাকী মাতৃয়ে এটা মোবাইলৰ বাবেই বিক্ৰী কৰিলে নিজৰ ছমহীয়া সন্তানক। এগৰাকী বন্ধুৰ সহায়ত নিজ সন্তানক ৪০ হাজাৰ টকাত বিক্ৰী কৰিলে নাইজেৰিয়াৰ এখন অনাথআশ্ৰমত।

বৰ্তমান এই মোবাইলপ্ৰেমী মাতৃ আৰক্ষীৰ জিন্মাত। আৰক্ষীৰ জেৰাত নিজৰ কৰ্মকাণ্ডৰ বাবে দোষ প্ৰকাশ কৰি মহিলা গৰাকীয়ে কলে তেওঁৰ স্বামীয়ে সন্তানৰ কাৰনে একো নকৰে কাৰনেই বাচি লব লগা হল এনে ঘৃণনীয় পথ। ইপিনে বৰ্তমানেও পলাতক হৈ আছে সন্তানক বিক্ৰী কৰি মোবাইল কিনিবলৈ উৎসাহ যোগোৱা মহিলাগৰাকীৰ লম্পদ বন্ধু। সমগ্ৰ বিশ্বত এই ঘটনাক লৈ এতিয়া সৰৱ চৰ্চা। কিছু কিছুৱে ছচিয়েল মিডিয়া্যোগে প্ৰকাশ কৰিলে মন্তব্য 'তথ্য-প্ৰযুক্তিয়ে চেৰ পেলালে সন্তানপ্ৰেমক।'