আন্তঃৰাষ্ট্ৰীয়

হোৱাইট হাউচৰ সমীপত বন্দুকাধাৰী দুৰ্বৃত্তৰ আক্ৰমণ! এজনৰ মৃত্যু, কমেও ৬ জন আহত

asomiyapratidin

ডিজিটেল ডেস্কঃ ৱাছিংটন ডিচি-ৰ ৰাজপথত বৃহস্পতিবাৰে নিশা বন্দুকধাৰী দুৰ্বৃত্তৰ নিৰ্বিচাৰ আক্ৰমণত কেইবাজনো লোক আহত হোৱা বুলি জানিব পৰা গৈছে। স্থানীয় সংবাদ প্ৰতিষ্ঠান ফক্স ফাইভৰ বাতৰি অনুসৰি নিশা প্ৰায় ১০ বজাত অচিনাক্ত বন্দুকধাৰী দুৰ্বৃত্তৰ নিৰ্বিচাৰ গুলিবৰ্ষণত কমেও ৬ জন লোক আহত হয়। আনহাতে ঘটনা সংঘটিত হোৱা অঞ্চলটো হোৱাইট হাউচৰ নিচেই সমীপত বুলিও দাবী কৰে সংবাদ সংস্থাটোৱে।

ইফালে ৱাইজেএলএ টিভিয়ে প্ৰকাশ কৰা কেইখনমান আলোকচিত্ৰত আহত সকলক এম্বুলেন্সযোগে চিকিৎসালয়লৈ নিয়া দেখা গৈছে। এই আক্ৰমণত এজন লোকৰ মৃত্যু হোৱা বুলিও জানিব পৰা গৈছে। হোৱাইট হাউচৰ পৰা মাত্ৰ ৩ কিলোমিটাৰ নিলগৰ ফোৰটিনথ ষ্ট্ৰীট আৰু কলম্বিয়া ৰোডৰ মাজত বন্দুকধাৰীৰ সৈতে আৰক্ষীৰ সংঘৰ্ষ চলে।