আন্তঃৰাষ্ট্ৰীয়

ম্যানমাৰৰ খনিত অঘটনঃ ১ জন নিহত, ২৫ জন আহত, ৭০ জনৰো অধিক সন্ধানহীন…

asomiyapratidin

ডিজিটেল ডেস্কঃ ম্যনমাৰত অঘটন। খনি খহি পৰাৰ ফলত সন্ধানহীন ৭০ জনৰো অধিক শ্ৰমিক। এই ঘটনাত প্ৰাণ হেৰুৱাইছে ১ জন শ্ৰমিকে আৰু বৰ্তমানলৈক ২৫ জনৰো অধিক আহতক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। উদ্ধাৰকাৰী এটা ২০০ জনীয়া দল দুৰ্ঘটনাস্থলীত গৈ উপস্থিত হৈছে আৰু সন্ধানহীন লোকসকলৰ সন্ধান আৰম্ভ কৰিছে।

উদ্ধাৰকাৰী দলটোৰ এজন সদস্যই সদৰি কৰা মতে কাচিন ৰাজ্যৰ হাপকান্ত খনি পুৱা প্ৰায় ৪ বজাত খহি পৰিছে। প্ৰায় ৭০ ৰ পৰা ১০০ জন লোক সন্ধানহীন হোৱাৰ আশংকা কৰা হৈছে। বিগত বছৰৰ জুলাই মাহতো ধাৰাসাৰ বৰষুণৰ ফলত কাচিন ৰাজ্যৰ এটা খনি খহি পৰিছিল। সেইবাৰ প্ৰায় ৩০০ জন লোকে প্ৰাণ হেৰুৱাইছিল।