আন্তঃৰাষ্ট্ৰীয়

সোণৰ খনিৰ বাবে বিস্ফোৰক কঢ়িয়াই অনা ট্ৰাকত বিস্ফোৰণঃ ১৭ জন নিহত ৬০ জন আহত…

asomiyapratidin

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে আফ্ৰিকাৰ দেশ ঘানাত সংঘটিত হয় এক প্ৰচণ্ড বিস্ফোৰণ। সোণৰ খনিৰ বাবে বিস্ফোৰক কঢ়িয়াই অনা এখন ট্ৰাক মটৰচাইকেলেত খুন্দা মাৰি দুৰ্ঘটনাত পতিত হোৱাৰ পিছতেই এই বিস্ফোৰণ সংঘটিত হয়। ফলত থিতাতে ১৭ জনকৈ লোকৰ মৃত্যু হোৱাৰ লগতে প্ৰায় ৬০ জন লোক গুৰুত্বৰভাৱে আহত হয়। এই ঘটনা ঘানাৰ ৰাজধানী আক্ৰাৰ পৰা ৩০০ কিলোমিটাৰ পশ্চিমে বগোচো চহৰৰ কাষতে সংঘটিত হৈছে। জানিব পৰা মতে এই ঘটনাত আহত অধিক সংখ্যকৰে অৱস্থা অতি সংকটজনক। সেয়েহে মৃত্যুৰ সংখ্যা অধিক বৃদ্ধি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।