আন্তঃৰাষ্ট্ৰীয়

বিদেশত নাক কাটিলে মিকা সিঙে

asomiyapratidin

ডিজিটেল ডেস্কঃ বলীউদৰ জনপ্ৰিয় কন্ঠশিল্পী মিকা সিঙ বৰ্তমান ডুবাই আৰক্ষীৰ জিম্মাত। ব্ৰাজিলৰ এগৰাকী কিশোৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে মিকা সিঙক।

খবৰ অনুসৰি কিশোৰীগৰাকীৰ গোচৰৰ ভিত্তিত বুধবাৰে নিশাই কন্ঠশিল্পীগৰাকীক গ্ৰেপ্তাৰ কৰিছে ডুবাই আৰক্ষীয়ে। কিশোৰীগৰাকীয়ে অভিযোগ উত্থাপন কৰিছে যে মিকা সিঙে তেওঁলৈ প্ৰেৰণ কৰিছিল বহু অশ্লীল ফটো।

গানৰ শ্বুটিঙৰ বাবে ডুবাইত ব্যস্ত থকা মিকা সিঙৰ ঘনিষ্ঠ সূত্ৰয়ো মিকাৰ গ্ৰেপ্তাৰ হোৱাৰ কথা স্বীকাৰ কৰিছে। অৱশ্যে মিকা সিঙৰ এনে বিৰ্তক নতুন নহয়।

২০১৫ চনত এক সংগীতানুষ্ঠানত এগৰাকী চিকিৎসকক প্ৰহাৰ কৰিছিল মিকা সিঙে। আনহাতে ২০০৬ চনত ৰাখী সাৱন্তৰ সৈতে চুমা বিৰ্তকতো সোমাই পৰিছিল বলিউদৰ জনপ্ৰিয় কন্ঠশিল্পীগৰাকী।