আন্তঃৰাষ্ট্ৰীয়

মাইক্ৰ’ছফটৰ অধ্যক্ষৰ দায়িত্বত ভাৰতীয়মূলৰ সত্য…

asomiyapratidin

মাইক্ৰ'ছফটৰ অধ্যক্ষৰ দায়িত্বত ভাৰতীয়মূলৰ সত্য…

ডিজিটেল ডেস্কঃ মাইক্ৰ'ছফটৰ নতুন অধ্যক্ষৰ দায়িত্ব লাভ কৰিছে ভাৰতীয়মূলৰ সত্য নাডেলাই। বিশ্বৰ অন্যতম বৃহৎ আৰু সফল প্ৰতিষ্ঠানটোৰ চি ই অ' হিচাপে দায়িত্ব পালন কৰি থকা নাডেলাক পূৰ্বৰ অধ্যক্ষ জন থমছনৰ স্থানত স্থালাভিষিক্ত হৈছে।থম্পছনক প্ৰতিষ্ঠানটোৱে মুখ্য স্বতন্ত্ৰ পৰিচালকৰ দায়িত্ব অৰ্পন কৰা হৈছে। ইয়াৰ পূৰ্বে থমছনে ২০১৪ চনত বিল গেটছৰ স্থানত মাইক্ৰ'ছফটৰ অধ্যক্ষৰ দায়িত্ব পালন কৰিছিল।

উল্লেখ্য যে ২০১৪ চনত সত্য নাডেলাই মাইক্ৰ'ছফতৰ চি ই অ' বিষয়া হিচাপে দায়িত্ব লাভ কৰিছিল। এই দায়িত্ব লাভ কৰাৰ পিছতে সত্যই লিংকডইন, নিউনাছ কমিউনিকেশ্বন আৰু জেনিমেক্সৰ দৰে কেইবাটাও প্ৰতিষ্ঠানৰ বহু বিলিয়ন ডলাৰ অধিগ্ৰহণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।নাডেলাই ১৯৬৭ চনত ভাৰতৰ হাইদৰাবাদত জন্মগ্ৰহণ কৰিছিল। তেওঁৰ পিতৃ এগৰাকী প্ৰশাসনিক বিষয়া আৰু মাতৃ সংস্কৃত বিষয়ৰ অধ্যাপিকা আছিল। নাডেলাই তেওঁৰ স্কুলীয়া শিক্ষা হাইদৰাবাদ পাব্লিক স্কুলৰ পৰা গ্ৰহণ কৰাৰ পাছত ১৯৮৮ চনত মণিপাল ইনষ্টিটিউট অৱ টেকনলজিৰ পৰা ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙৰ শিক্ষা সমাপ্ত কৰে। ইয়াৰ পিছত তেওঁ কম্পিউটাৰ বিজ্ঞানত স্নাতকোত্তৰ অধ্যয়ন কৰিবলৈ আমেৰিকালৈ যায়। ১৯৯৬ চনত তেওঁ চিকাগোৰ বুথ স্কুল অৱ বিজনেছৰ পৰা এম বি এ পাঠ্যক্ৰমো সমাপ্ত কৰে।

বিশ্বৰ অন্যতম বৃহৎ আৰু সফল প্ৰতিষ্ঠান মাইক্ৰ'ছফটৰ প্ৰতিষ্ঠাপক বিল গেটছ বৰ্তমান প্ৰতিষ্ঠানটোৰ ব'ৰ্ডৰ পৰা বাহিৰ হৈছে। তেওঁ বৰ্তমান বিল আৰু মেলিণ্ডা গেটছৰ জনহিতকৰ কামত গুৰুত্ব প্ৰদান কৰাত মনোনিবেশ কৰিছে। মাইক্ৰ'ছফটে প্ৰতিষ্ঠাপক বি গেটছক প্ৰতিটো শ্বেয়াৰৰ বিনিময়ত ৫৬ শতাংশ ত্ৰিমাশিক লাভ্যাংশ প্ৰদান কৰিব।

প্ৰতিষ্ঠানটোৰ পূৰ্বৰ