আন্তঃৰাষ্ট্ৰীয়

মেক্সিকোত ভূমিকম্প! ৩জন আহত, কেবাটাও অট্টালিকা ক্ষতিগ্ৰস্ত, ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ…

asomiyapratidin

ডিজিটেল ডেস্কঃ মেক্সিকো আৰু গ্বাটেমালাত ৬.৫ প্ৰাবল্যৰ ভূমিকম্প অনুভূত হয়। যাৰ ফলত গুৰুতৰভাৱে আহত হয় ৩জনকৈ লোক। লগতে কেবাটাও অট্টালিকা ক্ষতিগ্ৰস্ত হয়। মেক্সিকোৰ ৰাষ্ট্ৰীয় ভূ-বিজ্ঞান সেৱাই জনায় যে, মেক্সিকো-গ্বাটেমালা সীমান্তৰ সমীপত শুকুৰবাৰে ভূমিকম্প অনুভূত হয়।

বিষয়াসকলে জনোৱো মতে, ভূমিকম্পৰ ফলত ৩টাকৈ ৰাষ্ট্ৰীয় ঘাইপথত বৃহৎ আকাৰৰ শিল বাগৰি পৰে। যাৰফলত তিনিওটা ৰাষ্ট্ৰীয় পথত যান-বাহন চলাচল ব্যাহত হৈ পৰে। আৰু ৩জনকৈ লোক আহত হয়।

ভূমিকম্পৰ ফলত মেক্সিকোৰ ৰাজধানীত কেবাটাও অট্টালিকা হাউলি যায় আৰু ক্ষতিগ্ৰস্ত হয়। ফলত উক্ত চহৰখনৰ নিবাসীক তাৰ পৰা দূৰলৈ যাবলৈ প্ৰশাসনে নিৰ্দেশ দিয়ে। অৱশ্যে এই ভূমিকম্পৰ ফলত কোনো লোক নিহত হোৱাৰ খবৰ বৰ্তমানলৈ পোৱা হোৱা নাই।