আন্তঃৰাষ্ট্ৰীয়

মেক্সিকোত কাৰ্টেল মেম্বাৰ আৰু নিৰাপত্তাৰক্ষীৰ সংঘৰ্ষত ১৯ জনৰ মৃত্যু

asomiyapratidin

ডিজিটেল ডেস্কঃ উত্তৰ মেক্সিকোত দেওবাৰে সন্দেহযুক্ত কাৰ্টেল মেম্বাৰ আৰু নিৰাপত্তাৰক্ষীৰ মাজত হোৱা সংঘৰ্ষত ১৯ জন লোকৰ মৃত্যু ঘটে।

জানিব পৰা মতে, মেক্সিকোৰ উত্তাৰঞ্চলৰ কোৱাহুইলৰ ভিলা ইউনিয়নত দেওবাৰে সন্দেহযুক্ত কাৰ্টেল মেম্বাৰে ১৪ খন বাহন আবদ্ধ কৰি ৰাখে। পিছত ঘটনাস্থলীত নিৰাপত্তাৰক্ষী আৰু আৰক্ষীৰ দল উপস্থিত হোৱাত দুয়ো পক্ষৰ মাজত প্ৰচণ্ড গুলিয়াগুলী চলে। এই গুলীবৰ্ষণত ৪ গৰাকী আৰক্ষী বিষয়াৰ লগতে ২জন সাধাৰণ নাগৰিক আৰু ১৩ জন সন্দেহযুক্ত কাৰ্টেল মেম্বাৰ নিহত হয়।

কোৱাহুইলৰ ৰাজ্য চৰকাৰে প্ৰথমে এই আক্ৰমণত ১৪ জন লোক নিহত হোৱা বুলি সদৰী কৰিছিল যদিও পৰৱৰ্তী সময়ত নিহতৰ সংখ্যা ১৯ জনলৈ বৃদ্ধি পায় বুলি জানিব পৰা গৈছে।