আন্তঃৰাষ্ট্ৰীয়

মস্কোৰ আক্ৰমণৰ বাবে 'উগ্ৰ ইছলামিক'ক দোষাৰোপ পুটিনৰ

Asomiya Pratidin

ডিজিটেল ডেস্কঃ মস্কোত ক্ৰকাছ চিটি হলত শুকুৰবাৰে সংঘটিত হোৱা সন্ত্ৰাসবাদী আক্ৰমণ ‘উগ্ৰ ইছলামিকসকলে’ সংঘটিত কৰা বুলি দাবী কৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে। অৱশ্যে এই বিধ্বংসী আক্ৰমণৰ দায়িত্ব সন্ত্ৰাসবাদী সংগঠন আইছিছ-এ স্বীকাৰ কৰাৰ পাছতো ৰাষ্ট্ৰপতিগৰাকীয়ে সংগঠনটোৰ নাম উল্লেখ কৰাৰ পৰা বিৰত থাকে।

তেওঁ লগতে উল্লেখ কৰে যে চাৰিজন আক্ৰমণকাৰীক ইউক্ৰেইনলৈ পলাই যাবলৈ চেষ্টা কৰাৰ সময়তে গ্ৰেপ্তাৰ কৰা হৈছিল। সেইকাৰণে এই বিধ্বংসী আক্ৰমণৰ ঘটনাত উগ্ৰ ইছলামিকসকলৰ হাত আছে বুলি ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দাবী কৰিছে।

তাৎপৰ্যপূৰ্ণভাৱে এই আক্ৰমণ এনে এটা সময়ত সংঘটিত হৈছে যিসময়ত ৰাষ্ট্ৰখনৰ ৰাষ্ট্ৰপতি হিচাপে মাত্ৰ কিছুদন পূৰ্বে পুনৰ নিৰ্বাচিত হৈছে ভ্লাদিমিৰ পুটিন। একেদৰে ৰাছিয়াই ইউক্ৰেইনৰ বিৰুদ্ধে কৰি থকা যুদ্ধয়ো তৃতীয় বছৰত প্ৰৱেশ কৰিছে। ইতিমধ্যে ৰাছিয়াই চৰকাৰীভাৱে এই ঘটনাক দেশখনৰ বৃহৎ ট্ৰেজেডী আখ্যা দিছে।

উল্লেখযোগ্য যে শুকুৰবাৰে এক ভয়ংকৰ প্ৰাণঘাতী আক্ৰমণৰ সন্মুখীন হৈছিল ৰাছিয়াৰ মস্কো চহৰ। চহৰখনৰ কনচাৰ্ট হলত দুৰ্বৃত্তই বোমা বিস্ফোৰণ কৰাৰ লগতে ধাৰাষাৰ গুলীবৰ্ষণ কৰে। ফলত ১৩৭ জনকৈ লোকৰ মৃত্যু হোৱাৰ বিপৰীতে প্ৰায় ১৮২ জন লোক আহত হয়। এই আক্ৰমণৰ পিছতেই দেশখনত চাঞ্চল্যকৰ পৰিৱেশৰ সৃষ্টি হৈছে।