আন্তঃৰাষ্ট্ৰীয়

উন্মাদ যুৱকৰ ৰেলত অগ্নিসংযোগ, যাত্ৰীক চুৰিকাঘাতঃ প্ৰায় ২০ জন যাত্ৰী আহত..

asomiyapratidin

ডিজিটেল ডেস্কঃ জাপানৰ টকিঅ' চহৰত ভয়ংকৰ ঘটনা। এখন যাত্ৰীবাহী ৰেলত অগ্নি সংযোগ কৰিলে এজন যুৱকে। জানিব পৰা মতে টকিঅ'ৰ এখন ৰেলৰ কম্পাকৰ্টমেণ্টত এজন যুৱকে প্ৰথমে কেইবাজনো ব্যক্তিক চুৰিকাঘাত কৰে আৰু ইয়াৰ পিছতেই সেই নিৰ্দিষ্ট কম্পাৰ্টমেণ্টত অগ্নি সংযোগ কৰে। ফলত প্ৰয়া কুৰি জন ব্যক্তি আহত হৈছে। এই ঘটনাত আহতৰ কেইবাজনোৰ অৱস্থা অতি সংকটজনক।

টকিঅ'ৰ আৰক্ষীয়ে সদৰী কৰা মতে এই আক্ৰমণ কৰা যুৱকজনক ঘটনাস্থলীৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁৰ বয়স ২০ বছৰৰ তলত। তেওঁ এই ঘটনা কিয় সংঘটিত কৰিলে সেই বিষয়ে এতিয়াও জানিব পৰা হোৱা নাই। সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।

টকিঅ' আৰক্ষীয়ে কৈছে যে, এই ঘটনাটো কোকুৰিঅ' ষ্টেচনৰ ওচৰৰ কেইঅ' ৰেলৰ ভিতৰত সংঘটিত হৈছে। চিচি টিভিৰ ফুটেজত দেখা গৈছে যে কেইবাজনো অগ্নিনিৰ্বাপক বাহিনীৰ লোক, আৰক্ষী বিষয়া আৰু পেৰামেডিকেলৰ লোকে ৰেলত থকা যাত্ৰীসকলক উদ্ধাৰ কৰিছে। বহুতো যাত্ৰীয়ে প্ৰাণ বচাবলৈ ৰেলখনৰ খিৰিকীৰ পৰা জঁপিয়াই পলাই গৈছে।

এই আক্ৰমণ সংঘটিত কৰা যুৱকজনে প্ৰথমে তৈলযুক্ত পদাৰ্থ ৰেলৰ এটা বিশেষ কম্পাৰ্টমেণ্টত ঢালে আৰু ইয়াৰ পাছত চুৰিৰে একাংশ যাত্ৰীক আঘাত কৰিছিল আৰু অগ্নি সংযোগ কৰিছিল। উল্লেখ্য যে, টকিঅ'ত ৰেলৰ ভিতৰত চুৰিৰে আক্ৰমণৰ দুমাহৰ ভিতৰত এইটো দ্বিতীয় ঘটনা। ইয়াৰ পূৰ্বে আগষ্টমাহত টকিঅ' অলিম্পিকৰ সামৰণি অনুষ্ঠানৰ এদিন পূৰ্বে ৩৬ বছৰীয়া ব্যক্তি এজনে এখন যাত্ৰীবাহী ৰে'লত ১০ জন লোকক চুৰিকাঘাত কৰিছিল।