আন্তঃৰাষ্ট্ৰীয়

মালদ্বীপৰ প্ৰাক্তন ৰাষ্ট্ৰপতিক ৫ বছৰৰ বাবে কাৰাবাস, ভৰিব লাগিব ৫০ লাখ ডলাৰ জৰিমনা…

asomiyapratidin

ডিজিটেল ডেস্কঃ মালদ্বীপৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আব্দুল্লা য়ামীনক এক ধন লুণ্ঠনৰ ঘটনাৰ সৈতে জড়িত থকাৰ বাবে ৫ বছৰৰ কাৰাবাস খটাৰ ৰায় প্ৰদান কৰা হয়। লগতে তেওঁক প্ৰায় ৫০ লাখ ডলাৰৰ জৰিমনাও বিহা হৈছে।

স্থানীয় সংবাদমাধ্যমৰ বাতৰি অনুসৰি, মালদ্বীপৰ অপৰাধ ন্যায়ালয়ৰন্যায়াধীশ আলি ৰচিদে কয় যে, প্ৰাক্তন ৰাষ্ট্ৰপতি আব্দুল্লা য়ামীন এই অভিযোগত দোষীপ্ৰমাণিত হৈছে।

উল্লেখ্য যে, মালদ্বীপৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ ওপৰত এটা ব্যক্তিগতকোম্পানীয়ে প্ৰায় ১০ লাখ ডলাৰ চৰকাৰী ধন আত্মসাৎ কৰাৰ অভিযোগ কৰিছিল। অৱশ্যে তেওঁএই সকলো অভিযোগ মিছা বুলি দাবী কৰিছে।