আন্তঃৰাষ্ট্ৰীয়

টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক অসম কন্যাৰ

asomiyapratidin

ডিজিটেল ডেস্কঃ ইতিহাস সৃষ্টিৰে টকিঅ' অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা অসমৰ প্ৰথমগাৰকী মহিলা খেলুৱৈ লাভলীনা বৰগোহাঁই প্ৰতিযোগিতাৰ ছেমিত পৰাস্ত হৈ ব্ৰঞ্জৰ পদকতে সীমাবদ্ধ থাকিবলগীয়া হ'ল। বুধাবাৰে ১১ বজাৰ পৰা আৰম্ভ হোৱা প্ৰতিযোগিতাখনত লাভলীনাৰ সন্মুখত প্ৰতিদ্বনদ্বী আছিল তুৰ্কীৰ শক্তিশালী বুছেনাজ চুৰমেনেলী।

প্ৰতিযোগিতাৰ আৰম্ভণিৰে পৰা দমনীয় প্ৰদৰ্শন দাঙি ধৰা লাভলীনাই ছেমি ফাইনেলত প্ৰৱেশ কৰি দেশবাসীক স্বৰ্ণ পদকৰ সপোন দেখুৱাইছিল। ছেমি ফাইনেলত পৰাস্ত হোৱাৰ পূৰ্বে লাভলীনাৰ ব্ৰঞ্জৰ পদক নিশ্চিত হৈছিল।

প্ৰথমবাৰৰ বাবে অলিম্পিকত অংশগ্ৰহণ কৰি ব্ৰঞ্জৰ পদক লাভ কৰা লাভলীনাক লৈ সমগ্ৰে দেশবাসী গৌৰৱাম্বিত।দেশৰ লগতে অসমৰ ৰাইজে লাভলীনাক এই সফলতাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে পৰৱৰ্তী অলিম্পিকত স্বৰ্ণ জয়ৰ বাবে সাজু হ'বলৈ আহ্বান জনাইছে।