আন্তঃৰাষ্ট্ৰীয়

বাওঁদলে আমেৰিকাৰ জীৱন ধাৰণৰ পথ ধ্বংস কৰিছেঃ ডোনাল্ড ট্ৰাম্প…

asomiyapratidin

ডিজিটেল ডেস্কঃ শনিবাৰে ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে আমেৰিকাৰ উত্তৰ-পশ্চিমৰ দুখন ৰাজ্য চিমিনগাৰ আৰু উইচচিনচিনত তেওঁৰ নিৰ্বাচনী সমাবেশত বাওঁ দলক আমেৰিকান জীৱন ধাৰণৰ পথ ধ্বংস কৰাৰ অভিযোগ তুলিছে। দুয়োখন ৰাজ্যই নিৰ্বাচনৰ ক্ষেত্ৰত ট্ৰাম্পৰ বাবে গুৰুত্বপূৰ্ণ, কিয়নো এই দুয়োখন ৰাজ্যই ২০১৬ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ট্ৰাম্পৰ বিজয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

পৰৱৰ্তী এক ৰেলীত, ট্ৰাম্পে বাওঁ দলক "আমেৰিকাৰ ইতিহাস মচি পেলোৱা আৰু আমেৰিকাৰ মূল্যবোধ নিঃশেষ কৰিবলৈ  চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰে। ট্ৰাম্পে দাবী কৰিছিল যে ডেমক্ৰেটিক পাৰ্টিৰ সভাপতি পদৰ প্ৰাৰ্থী জো বাইডেনে জনসাধাৰণৰ জীৱন বিপন্ন কৰিব।

নিজৰ ৰাজনৈতিক ভেঁটি অক্ষুন্ন ৰাখিবলৈ আৰু ভোটাৰ তেওঁৰ সপক্ষে থাকিবলৈ ট্ৰাম্পে ডেমক্ৰেটিক পাৰ্টিৰ নেতাসকলক যুক্তৰাষ্ট্ৰ বিৰোধী চৰমপন্থী বুলি আখ্যা দিয়ে। তেওঁ এসময়ত আমেৰিকাত ডেমক্ৰেটিক পাৰ্টিৰ অস্তিত্ব নাই বুলিও কটাক্ষ কৰে।