আন্তঃৰাষ্ট্ৰীয়

১১ আগষ্টত ২০১৮ বৰ্ষৰ শেষৰটো সূৰ্যগ্ৰহণ

asomiyapratidin

ডিজিটেল ডেস্কঃ এই বছৰৰ শেষৰটো সূৰ্যগ্ৰহণ হ'ব ১১ আগষ্টত। ইয়াৰ পূৰ্বে চলিত বৰ্ষটোত ১৫ ফেব্ৰুৱাৰী আৰু ১৩ জুলাইত হৈছিল দুটাকৈ সূৰ্যগ্ৰহণ।

বছৰটোৰ তৃতীয় তথা শেষৰটো সূৰ্যগ্ৰহণ ১১ আগষ্ট শনিবাৰে ১ বাজি ৩২ মিনিটৰ পৰা আৰম্ভ হ'ব আৰু ৫ বজাত সমাপ্ত হ'ব। এই সূৰ্যগ্ৰহণ ভাৰতত দেখা নাযায় যদিও চুবুৰীয়া দেশ চীনৰ লগতে উত্তৰ আমেৰিকা, উত্তৰ-পশ্চিম আমেৰিকা আৰু মেক্সিকোত দেখা যাব।

জ্যোতিষ শাস্ত্ৰৰ মতে, এই সূৰ্যগ্ৰহণ মেঘ, মকৰ, তুলা আৰু কুম্ভ ৰাশিৰ গৰাকীসকলৰ বাবে শুভ যদিও মিথুন আৰু সিংহ ৰাশিৰ সকলৰ বাবে হ'ব অশুভ। উল্লেখ্য যে, ২০১৯ বৰ্ষতো ৬ জানুৱাৰী, ২জুলাই আৰু ১৬ আগষ্টত হ'ব তিনিটাকৈ সূৰ্যগ্ৰহণ।